NORTHEAST NOW (Assamese)
অসম

মহানগৰীত দিনদুপৰতে ডকাইতী, দুৰ্বৃত্তই লুটিলে পাঁচ লাখ টকা

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 17, 2021 11:23 am
Robbery

গুৱাহাটীত দিনদুপৰতে সংঘটিত হৈছে ডকাইতীৰ ঘটনা। মহানগৰীৰ বেলতলাত বুধবাৰে দুপৰীয়া সংঘটিত হয় এক ডকাইতী কাণ্ড।

বেলতলাৰ ৰিলায়েঞ্চ ট্ৰেণ্ডজ্ নামৰ শ্বপিং মলটোৰ সম্মুখত ৰখাই থোৱা এখন গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিয়ে ৫ লাখ টকাৰ এটা বেগ।

তথ্য অনুসৰি,পাৰিজাত শইকীয়া নামৰ এগৰাকী মহিলাই সমাগত দুৰ্গা পূজা উপলক্ষে মুৰ্তি ক্ৰয়ৰ উদ্দেশ্যে স্থানীয় HDFC শাখাৰ পৰা টকাখিনি উলিয়াই আনিছিল।

ঘটনাটোৰ পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰে।