NORTHEAST NOW (Assamese)
অসম

পূজাৰ বতৰত গ্ৰাহকৰ বাবে SBI ৰ ভাল খৱৰ; চাকৰিয়াল বুলিয়েই নহয়, সকলোৱে পাব এই সুবিধা

Posted by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2021 11:33 am
পূজাৰ বতৰত গ্ৰাহকৰ বাবে SBI ৰ ভাল খৱৰ; চাকৰিয়াল বুলিয়েই নহয়, সকলোৱে পাব এই সুবিধা

ভাৰতীয় ষ্টেট বেংকে পূজাৰ পূৰ্বেই গ্ৰাহকৰ বাবে আনিছে এক সুখৱৰ। গৃহ ঋণৰ ক্ষেত্ৰত সুতৰ হাৰ হ্ৰাস কৰিছে ষ্টেট বেংকে।

পূজাৰ পূৰ্বেই গৃহ ঋণ লোৱাসকলৰ বাবে এলানি উপহাৰ ঘোষণা কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াই।

ইমান দিনে ৭৫লাখ টকাৰ অধিক গৃহ ঋণ ল’লে সুত দিব লাগিছিল ৭.১৫শতাংশ হাৰত। কিন্তু পূজাৰ বতৰত ষ্টেট বেংকে দিয়া অফাৰ অনুসৰি যিকোনো পৰিমানৰ ঋণৰ ক্ষেত্ৰতে সুতৰ হাৰ হ’ব ৬.৭শতাংশ।

Latest News: বাঘেখোৱা চাপৰিত মহিলাৰ বেগ এটা উদ্ধাৰ: নিমাতী নাও দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ

গ্ৰাহকসকলে ৪৫ বেছিছ পইন্ট বচাব পাৰিব। বেংকৰ কথা মতে, যদি কোনোৱে ৩০ বছৰৰ বাবে ৭৫লাখ টকাৰ ঋণ লয়, তেতিয়াহ’লে ৮লাখ টকা কম সুত ভৰিব লাগিব। তদুপৰি, ঋণৰ বাবে প্ৰচেছিং ফী-ৰ বাবদ একো দিব নালাগে।

সেইদৰে, পূৰ্বে যিসকল বেতনভোগী চাকৰিয়াল তেওঁলোকৰ তুলনাত আন গ্ৰাহকসকলে অধিক সুত দিব লাগিছিল। কিন্তু SBI ৰ নতুন অ’ফাৰ অনুসৰি সেই ভিন্নতা আৰু নাথাকে। সকলোৱে ৬.৭শতাংশ সুতৰ হাৰত ঋণ লোৱাৰ সুযোগ পাব।

ষ্টেট বেংকৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এইবাৰ গ্ৰাহকৰ বৃত্তি যিয়েই নহওক কিয়, যি পৰিমানৰ ঋণেই নলওক কিয়, সকলোকে ৬.৭শতাংশ সুতৰ হাৰত ঋণ লোৱাৰ সুযোগ দিয়া হৈছে।