NORTHEAST NOW (Assamese)
অসম

মাজ বাটতে সন্ধানহীন কাম বিচাৰি গোলাঘাটৰ পৰা বেংগালুৰুলৈ যোৱা যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2023 8:17 pm

মাজ বাটতে সন্ধানহীন হ’ল কৰ্ম সংস্থাপন বিচাৰি গোলাঘাটৰ পৰা বেংগালুৰুলৈ যোৱা যুৱক মুনীন্দ্ৰ বৰা। মুনিদ্ৰ বৰাৰ ভাতৃ ৰূপক বৰাই জানিবলৈ দিয়া মতে, গোলাঘাটৰ গোৱালগাঁৱৰ বাসিন্দা বলো বৰাৰ পুত্ৰ মুনীন্দ্ৰ ওৰফে বাবু বৰাই যোৱা ১ ছেপ্তেম্বৰত মেৰাপানী অঞ্চলৰ কলাজানৰ যাদৱ সোণোৱাল, ধীৰেণ সোণোৱাল, বিকাশ কছাৰীকে ধৰি  আন ৬ জন বন্ধুৰ সৈতে ফৰকাটিং ৰেল জংচনত বেংগালুৰু এক্সপ্ৰেছত যাত্ৰা আৰম্ভ কৰিছিল ৷ 

কৰ্ম সংস্থাপনৰ সন্ধানত যোৱা মুনীন্দ্ৰ বৰা  বেংগালুৰুৰ কে আৰ পুৰম ষ্টেচনত নমাৰ কথা আছিল ৷ সেইমতে বেংগালুৰুত থকা আনএজন সতীৰ্থ বাবলু ওৰাঙে ষ্টেশ্যনৰ পৰা আগবঢ়াই নিবলৈ আহি মুনীন্দ্ৰক দেখা নাপাই আন সহযাত্ৰীক ফোনযোগে যোগাযোগ কৰাত মেৰাপানীৰ পৰা একেলগে যোৱা এজনে জানিবলৈ দিয়ে যে মুনীন্দ্ৰই অন্ধ্ৰপ্ৰদেশৰ বিজয়বৰা ষ্টেশ্যন পোৱাৰ আগৰ ষ্টেশ্যনতেই নিশা একবজাত ট্ৰেইনৰ পৰা নামি গ’ল ৷ 

এই বিষয়টো বাবলু ওৰাঙে মুনীন্দ্ৰ বৰাৰ গোৱাল গাঁৱৰ পৰিয়ালৰ লোকক ফোনযোগে জনোৱাত পৰিয়ালটোৰ মাজত হুৱাদুৱা লাগে ৷ পৰিয়ালৰ লোকে মুনীন্দ্ৰৰ লগত যোৱা সকলক ফোন কৰাত তেওঁলোকৰ কথা-বতৰাত বিসঙ্গতি পোৱাৰ পিছত ৪ ছেপ্তেম্বৰত ফৰকাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷  

মুনীন্দ্ৰৰ নিৰুদ্দেশ হোৱা ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকে । মেৰাপানীৰ পৰা লগত যোৱা ৬ সতীৰ্থই এই নিৰুদ্দেশৰ বিষয়টো গাপ দি ৰখা বুলি দাবী কৰাৰ লগতে সমগ্ৰ বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰিছে সন্ধানহীন মুনীন্দ্ৰ বৰাৰ  পৰিয়ালৰ লোকে।