NORTHEAST NOW (Assamese)
দেশ

জামিন নাপালে ; ৰঙাঘৰেই ঠিকনা হ’ল অন্ধপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2023 9:17 pm

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক জেললৈ প্ৰেৰণ কৰা হৈছে। দেওবাৰে দুৰ্নীতি বিৰোধী ব্যুৰোৰ আদালতে চন্দ্ৰবাবু নাইডুক ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। 

৩৭১ কোটি টকাৰ স্কিল ডেভেলপমেণ্ট (এপিএছএছডিচি) কেলেংকাৰিত জড়িত থকাৰ অভিযোগত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে।

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপি নেতা চন্দ্ৰবাবু নাইডুক শনিবাৰে পুৱা চিআইডিয়ে স্কিল ডেভেলপমেণ্ট কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। 

তেওঁৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা আৰু অসৎ উপায়েৰে সম্পত্তি বিতৰণৰ প্ৰতাৰণাৰ গোচৰ ৰুজু কৰা হৈছে। 

আজিৰ দিনটোতে তেওঁক বিজয়াৱাড়াৰ দুৰ্নীতি নিৰ্মূলকৰণ ব্যুৰো আদালতত হাজিৰ কৰা হয়। আদালতত চন্দ্ৰবাবুৰ অধিবক্তাই জামিন আৱেদন দাখিল কৰে যদিও আদালতে তেওঁৰ আবেদন নাকচ কৰি ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, ২০১৪ চনত অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক দক্ষতা বিকাশ নিগম স্থাপন কৰা হৈছিল। এই কোম্পানীটোৰ ছিমেন্স ইণ্ডাষ্ট্ৰী চফটৱেৰ ইণ্ডিয়া লিমিটেড আৰু ডিজাইন টেক চিষ্টেমছ প্ৰাইভেট লিমিটেডৰ সৈতে চুক্তি আছে। চুক্তিখনত উল্লেখ কৰা হৈছে যে ছিমেন্স ইণ্ডাষ্ট্ৰী চফটৱেৰে সমগ্ৰ ৰাজ্যতে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰিব আৰু নিবনুৱা যুৱক-যুৱতীসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব। মুঠ খৰচৰ ১০ শতাংশ ৰাজ্য চৰকাৰে দিব আৰু বাকী ধন ছিমেন্স ইণ্ডাষ্ট্ৰীজে দিব। কিন্তু, পিছত দেখা গ’ল যে চন্দ্ৰবাবু নাইডুৰ চৰকাৰে এই প্ৰকল্পৰ কোনো অনুমোদন নিদিলে। আনকি অভিযোগ কৰা হৈছিল যে ছিমেন্স ইণ্ডাষ্ট্ৰীজে এই প্ৰকল্পত একো বিনিয়োগ কৰা নাছিল। বৰঞ্চ এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিয়া ৩৭১ কোটি টকা বিভিন্ন ভুৱা সংগঠনলৈ প্ৰেৰণ কৰা বুলিও অভিযোগ উত্থাপন হৈছিল। লগতে নিবিদা প্ৰক্ৰিয়া সঠিকভাৱে পালন নকৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত চি আই ডিয়ে যোৱা মাৰ্চ মাহত এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল। চি আই ডিৰ সূত্ৰ অনুসৰি এই দুৰ্নীতিৰ গোচৰত অভিযুক্তৰ তালিকাৰ শীৰ্ষত আছে চন্দ্ৰবাবু নাইডুৰ নাম।