NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত আটক দুই বাংলাদেশী নাগৰিক

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 17, 2021 11:06 am
Dhubri

বৃহস্পতিবাৰে পুৱা অসম আৰক্ষীৰ এটা দলে ধুবুৰীৰ পৰা ২ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে।

প্ৰতিবেদন অনুসৰি, ধুবুৰী আৰক্ষী চকীৰ অন্তৰ্গত আইৰনজৌঙলা অঞ্চলত উপ-আৰক্ষী বিষয়া ত্ৰিলোচন দাসৰ নেতৃত্বত এটি আৰক্ষী দলে বাংলাদেশী অনুপ্ৰৱেশকাৰীকেইজনক আটক কৰে।

আটকাধীন অনুপ্ৰৱেশকাৰীকেইজনক বাংলাদেশৰ কুৰীগ্ৰামৰ মকবুল শ্বেখ(৪৮) আৰু তেওঁৰ পুত্ৰ বসীৰ শ্বেখ(১৮) বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত তেওঁলোক কিছুদিন ভাৰত আৰু নেপালৰ কিছু এলেকাত ইটা ভাটাৰ বনুৱা হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে,মকবুল শ্বেখ নামৰ ব্যক্তিজনে ধুবুৰীৰ এগৰাকী মহিলাক বিয়া কৰাইছে আৰু যোৱা প্ৰায় ২০ বছৰ ধৰি ভাৰতত বাস কৰি আহিছে। কালি তেওঁ নিজ পত্নীক সাক্ষাৎ কৰিবলৈ আহোঁতে আৰক্ষীয়ে আটক কৰে।

তদুপৰি বিদেশী নাগৰিকক আশ্ৰয় দিয়াৰ অভিযোগত আৰক্ষীয়ে ছিদ্দিকী শ্বেখ আৰু অছদুল নামৰ দুজন ব্যক্তিকো আটক কৰে আৰক্ষীয়ে।