NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰা বাবেই পশ্চিমবংগত পাপনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2019 11:19 am
Boycot Popon

‘‘আপুনিও শুনিব বিচাৰে নেকি বঙালী বিৰোধী সুৰ। অসমীয়া কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত অসমৰ বঙালিৰ শত্ৰু আনকি হিন্দু বঙালিক নাগৰিকত্ব দিয়া বিধেয়কৰো বিৰোধী পাপন। পাপনে বঙালিক ৰাষ্ট্ৰহীন কৰিবলৈ চেষ্টা কৰিছে। পাপনে অসমত বঙালীৰ ৰক্ত বিভিষিকা তৈয়াৰত জড়িত”।

কলকাতাৰ কিছুমান সংবাদ মাধ্যমত এনেদৰে অসমৰ মৰমৰ শিল্পী অংগৰাগ পাপন মহন্তৰ বিৰুদ্ধে এনেদৰে বাতৰি প্ৰকাশ কৰা হৈছে। থায়ে থায়ে পাপনৰ সংগীতানুষ্ঠানৰ বিৰোধিতা কৰি দল-সংগঠনে দেৱালত পাপনক বয়কট কৰাৰ বাবে বেনাৰ-পোষ্টাৰো লগাইছে।

উল্লেখযোগ্য যে, এটা সংগীতানুষ্ঠানত অংশ লোৱাৰ বাবে কলকাতালৈ যোৱা পাপনৰ বিৰুদ্ধে কিছুমান বঙালী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তেওঁক পশ্চিম বংগৰ পৰা উভতি যাবলৈ হুমকি দিয়ে।

তদুপৰি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত লাখ লাখ বঙালী মানুহৰ নাম বাদ পৰা আৰু ডিটেনশ্যন কেম্পত বঙালী লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি পাপনে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ প্ৰসংগ উল্লেখ কৰি চলো পাল্টাই বাহিনীয়ে পাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পাপনক বাংলাৰ মাটিত গান গোৱাৰ কোনো অধিকাৰ নাই আৰু ভবিষ্যতে পাপনক বাংলা চলচ্চিত্ৰত গান গোৱাৰ সুযোগ নিদিবলৈও উগ্ৰ বাংলা জাতীয়তাবাদী বাহিনীয়ে দাবী জনাইছে।