NORTHEAST NOW (Assamese)
দেশ

মৰ্মান্তিক! বাইক আৰোহীক বচাবলৈ গৈ দ খাৱৈত বাগৰি পৰিল বাহন, ৮ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2023 3:35 pm
Accident in Uttarakhand

উত্তৰাখণ্ডত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। পাহাৰীয়া ৰাজ্যখনৰ নৈনিতাল জিলাৰ চেডাখান-মিদাৰ পথত আজি পুৱা এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত ৮ জন লোকৰ মৃত্যু হয়।

আৰক্ষীৰ তথ্য অনুসৰি, যাত্ৰীসহ দুৰ্ঘটনাগ্ৰস্ত বাহনখনে পাটলটৰ পৰা আমজাদ অঞ্চললৈ ৰাওনা হৈছিল। যাত্ৰাপথতে পুৱা প্ৰায় ৮ বজাত চেডাখান-মিদাৰ পথত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

বিপৰীত দিশৰ পৰা অহা মটৰ চাইকেল এখনক বচাবলৈ চেষ্টা কৰি বাহনখন খাৱৈত বাগৰি পৰে বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত ৬ জন লোকৰ থিতাতে মৃত্যু হয়।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন লোকে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ ভিতৰত এহাল দম্পতী আৰু তেওঁলোকৰ পুত্ৰ সন্তানো আছে বুলি জানিবলৈ দিয়ে স্থানীয় এগৰাকী আৰক্ষী বিষয়াই।

লগতে তিনিগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আহত তিনিও ব্যক্তিকে ওখালকাণ্ডৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই দুৰ্ঘটনাৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।