NORTHEAST NOW (Assamese)
অসম

অসমতো পাঁচশ টকাত ৰন্ধন গেছ লাগে :  আপ অসমৰ দাবী 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2023 4:32 pm

বিগত বিজেপি নেতৃত্বাধীন ডাবল ইজ্ঞিনৰ চৰকাৰখনে ২০১৪ চনত শাসনলৈ অহাৰ সময়ত বহু প্ৰতিশ্ৰুতি দিছিল৷ কিন্ত পৰিবৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনে মূল্যবৃদ্ধিৰে অভিলেখ স্থাপন কৰিলে ৷

প্ৰায় প্ৰতি তিনি চাৰিমাহৰ মূৰে মূৰে ৰন্ধন গেছৰ দাম বৃদ্ধি কৰি এটা সময়ত এঘাৰশ পন্ঞ্চাশ টকালৈ বৃদ্ধি কৰিলে চিলিন্ডাৰৰৰ দাম ৷ কিন্ত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মহিলা ভোটাৰ সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে দুশ টকা কমাই বৰ্তমান অসমত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৫৫ টকা কৰিলে ৷

এই সময়তে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মধ্যপ্ৰদেশৰ নিৰ্বাচনী সভাত ঘোষণা কৰিলে যে যদি মধ্যপ্ৰদেশত বিজেপি চৰকাৰ আহে তেন্তে তাত পাঁচশ টকাত ৰন্ধন গেছ দিব ৷

এই সম্পৰ্কত  আদমি পাৰ্টি অসমে প্ৰশ্ন কৰে যে যিজন মুখ্যমন্ত্ৰীয়ে অন্য এখন ৰাজ্যলৈ গৈ সেই ৰাজ্যৰ মহিলা সকলক পাঁচশ টকীয়া চিলিণ্ডাৰ দিম বুলি প্ৰতিশ্ৰুতি দিব পাৰে তেনেহ’লে নিজৰ ৰাজ্য অসমত কিয় নোৱাৰে ?

মানে ইচ্ছা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমতো দিব পাৰে। সেয়ে আপ অসমে দাবী কৰে যে অসমতো পাচশটকীয়া চিলিন্ডাৰ দিয়াৰ ব্যৱস্থা কৰক ৷ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো আপ অসমে দাবী কৰে যে এফালে দুশটকা ৰন্ধন গেছৰ দাম কমাই অন্যফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি কৰি ৰাইজক হাৰাশাস্তি কৰি থকাটো বন্ধ কৰিব লাগে ৷ মুঠতে অসমত মূল্যবৃদ্ধি ৰোধৰ লগতে ৰন্ধন গেছ পাচশ টকাত দিব লাগিব বুলি আপ অসমে দাবী কৰে ৷

সংবাদমেলত উপস্থিত থাকে ৰাজ্যিক মূখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু মিডিয়া পেনেলিষ্ট আৰতি দেৱী ৷