NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৬ ছে:মি: হ্ৰাস পালেও এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে পানী

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 15, 2020 2:00 pm

মঙলবাৰ আৰু আজি দিনৰ ভাগৰে পৰা ৰ’দ দি থকাৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পালেও বিপদ সীমাৰ প্ৰায় এক মিটাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ পানী।

গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৯.৬৮ মি: ৷ মঙলবাৰ দিনটোত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ ৫০.৭৫ মিটাৰলৈ বৃদ্ধি পাইছিল ৷

গুৰুত্বপূৰ্ণ কথা এই যে আজিৰ দিনটোত গুৱাহাটীত ৫০.৬৯ মিটাৰলৈ কমিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অৰ্থাৎ বুধবাৰৰ দিনটোতকৈ ৬ ছেন্টিমিটাৰ হ্ৰাস পায় ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷

ইপিনে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ ফলত লাচিত ঘাট, চন্দ্ৰপুৰ, উজানবজাৰ আদি অঞ্চল জলমগ্ন হৈ পৰিছে ৷

ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধিৰ লগে লগে মহানগৰীৰ নৈ, উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে ৷ আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ ভৰলু, মৰা ভৰলু নৈৰ লগতে অন্যান্য জলস্তৰ বিপদসীমা অতিক্ৰম কৰিছে ৷

আনহাতে বাহিনী নৈৰ জলস্তৰ বিপদসীমাৰ ২ ছেমি তলত বৈ গৈছে যদিও মঙলবাৰৰ দিনত কৈ আজি ৪৮ ছেমি বৃদ্ধি পাইছে জলস্তৰ ৷