NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ৯০ মিলিয়ন ইউৰো দান পটুৰ্গীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2020 8:12 pm
1Ronaldo-Goals

পটুৰ্গীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৱে জুভেন্টাছ ক্লাবৰ ক’ৰ্ছ মৌৰীজিঅ’ চাৰী সৈতে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আবঢ়াইছে ৯০ মিলিয়ন ইউৰো(১০০ মিলিয়ন মাৰ্কিন ড’লাৰ)।

ক্লাৱৰ সূত্ৰত প্ৰকাশ যে, এই ধনৰাশিৰ পৰিমাণ হৈছে জুভেন্টাছৰ খেলুৱৈসকলৰ চাৰি মাহৰ পাৰিশ্ৰমিকৰ সমান। উল্লেখ্য যে ৰ’ণাল্ডো হৈছে ইটালীৰ চিৰি এ’ৰ লীগৰ সৰ্বাধিক পাৰশ্ৰমিক লাভ কৰা ফুটবলাৰ। তেওঁৰ সপ্তাহিক পাৰশ্ৰিমক হৈছে ১০ মিলিয়ন ইউৰো(১১ মিলিয়ন মাৰ্কিন ড’লাৰতকৈও অধিক)।

ক্লাৱৰ অধিনায়ক চেইলিনি ক্লাৱ আৰু খেলুৱৈসকলৰ সৈতে আলোচনা কৰি কৈছে যে, ‘চলিত ছিজনৰ সূচী পুনৰ নিৰ্ধাৰন কৰা হ’ব, ক্লাৱ তথা খেলুৱৈসকলৰ আত্মবিশ্বাস অটুত ৰখাৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকৰ সৈতে আলোচনা কৰি প্ৰতিযোগিতাৰ পুনৰাম্ভৰ বাবে সাজু কৰি তোলাৰ সিদ্ধান্ত লোৱা হ’ব।’

ইটালীত ৩ এপ্ৰিলৈকে ৰাষ্ট্ৰজোৰা ল’কডাউন চলি আছে। সেয়ে খেলুৱৈসকলক শাৰীৰিক প্ৰশিক্ষণৰ বাবে এক্সপাৰ্টৰ প্ৰয়োজন হ’ব বুলি ক্লাৱটোৱে জনাইছে।

ক্লাৱটোৰ তিনিজন খেলুৱৈ ক্ৰমে ডেনিয়েল ৰুগানী, ব্লাইছে মাটুইডি আৰু পাবলু ডাইবালা মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

উল্লেখ্য যে ইটালীত প্ৰায় ১ লাখ লোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ১০ হাজাৰৰো অধিক আক্ৰান্তৰ মৃত্যু ঘটিছে।