বোকাখাতত গৰু আৰু গাড়ীৰে সৈতে ৪ গৰু চোৰক আটক আৰক্ষীৰ
বোকাখাত আৰক্ষীয়ে আটক কৰা গৰু চোৰ কেইজন। ফটো : উত্তম শইকীয়া
দেৰগাওঁৰ চুমনি আৰক্ষী চকীৰ অন্তৰ্গত মহিমাৰ পৰা ৭ টা গৰু চুৰি কৰি আনি থকাৰ পথত আজি পুৱা বোকাখাত আৰক্ষীয়ে ৪ জন গৰু চোৰক কৰায়ত্ব কৰে। এ এছ ০২ বি – ২৭৩৭ নম্বৰৰ বগা বলেৰ’ পিক আপ ভানত গৰুকেইটা লৈ আহি থকা অৱস্থাতে বোকাখাত আৰক্ষীয় গাড়ী আৰু গৰুৰে সৈতে চোৰ কেইটাক আটক কৰে৷
প্ৰথম অৱস্থাত চোৰ কেইটাই পলায়ন কৰিছিল যদিও বোকাখাত আৰক্ষীয়ে গৰু নিয়া বলেৰ’ পিক আপ ভানখন খেদি গৈ কহঁৰা আৰু বাগৰিৰ মধ্যস্থলত গাড়ী সহ চোৰ কেইটাক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন চোৰ কেইটা হ’ল মহ: চফিউদ্দিন, মফিউদ্দিন ইছলাম, নুৰুল ইছলাম আৰু জাকিৰ হুছেইন। আটাই কেইজনৰ ঘৰ নগাৱৰ ৰূপহীহাটৰ কাৱৈমাৰীত।
ঘটনাৰ সংক্ৰান্তত বোকাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ BKT PS/E /No 306/18 U/S 379/413 নম্বৰৰ কেচ এটা ৰুজু কৰি গৰু চোৰকেইজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ।