NORTHEAST NOW (Assamese)
অসম

বোকাখাতত নাৰী নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি নাৰীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিৱিৰ

Posted by: উত্তম শইকীয়া April 21, 2018 10:41 pm
নাৰী

দেশত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতৰ ৰ’দালি দ্যা চান ছাইন নামৰ সংগঠনটোৱে বোকাখাতৰ যুৱতী সকলৰ বাবে নাৰীৰ অাত্মৰক্ষা প্ৰশিক্ষণৰ এক তিনি মহীয়া শিৱিৰৰ আয়োজন কৰিছে ৷

শনিবাৰৰ পৰা এই প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে বোকাখাতৰ বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম পাংয়ুক ডাঙৰীয়া, বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দত্ত সমাজকৰ্মী তথা জেষ্ঠ নাগৰিক মঞ্চ অাৰু চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি চৈয়দ অানিচুৰ ৰহমান আৰু সদৌ অসম টাইকানণ্ড’ সন্থাৰ উপসভাপতি ৰেৱ কান্ত গগৈ উপস্থিত থাকে।

শনিবাৰৰ পৰা আৰম্ভ হোৱা এই বিশেষ প্ৰশিক্ষণ শিৱিৰত বোকাখাতৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা মুঠ ৮৫ গৰাকী ছাত্ৰীয়ে যোগদান কৰিছে। তিনিমহীয়া এই আত্মৰক্ষা প্ৰশিক্ষণ শিৱিৰত অনুষ্টুপ নৰহ, অৰিন্দম বড়ি, বিপ্লব দাস, মনবৰ দলে আৰু পাপু চাওঁতালে প্ৰশিক্ষণ প্ৰদান কৰিব। ইতিমধ্যে এই শিবিৰৰ নামভৰ্তি চলি থকা বুলি ৰ’দালি দ্যা চান ছাইনৰ তৰফৰ পৰা জানিবলৈ দিয়ে