NORTHEAST NOW (Assamese)
অসম

ৰঙিয়াত মাতৃ গৃহলৈ যোৱাৰে পৰা মহিলা সন্ধানহীন : সন্ধান উলিওৱাত ব্যৰ্থ ৰঙিয়া আৰক্ষী

Posted by: এন ই নাও নিউজ April 21, 2018 10:17 pm

ৰাজ্যত নাৰীজনিত অপৰাধমূলক কাৰ্য কলাপ বৃদ্ধি পাই অহাৰ সময়তে শনিবাৰে ৰঙিয়াৰ মধুকুছিৰ পৰা নিৰ্মালী বড়ো নামৰ এগৰাকী মহিলা সন্ধানহীন হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে ১০ দিনৰ পূৰ্বেই মহিলা গৰাকী মাতৃৰ গৃহলৈ ওলাই যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে।

আনহাতে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে মহিলা গৰাকীৰ সন্ধান বিচাৰি বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো শুং-সূ্ত্ৰ লাভ কৰা নাই।

আনকি মহিলা গৰাকী সন্ধানহীন হোৱাৰ পিছত মহিলাগৰাকীৰ স্বামী বিশ্বজিৎ বড়োৱে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কিন্তু আৰক্ষীয়েও বৰ্তমানলৈকে মহিলা গৰাকীৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

ইফালে মহিলা গৰাকীৰ স্বামী বিশ্বজিৎ বড়োৱে পত্নীৰ কোনো সন্ধান উলিয়াব নোৱাৰি হতাশাত ভাগি পৰিছে। লগতে তেওঁ কোনো দুষ্ট চক্ৰৰ কৱলত তেওঁৰ পত্নী পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।