NORTHEAST NOW (Assamese)
অসম

অপহৰণৰ চেষ্টা বিফল, গ্ৰেপ্তাৰ এন ডি এফ বি (পি) ধীৰেন বড়ো গোটৰ দুই প্ৰাক্তন সদস্য

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 25, 2020 10:21 pm
Kidnapping bid foiled in Kokrajhar; 2 former cadres of Dhiren Boro-led NDFB(P) arrested

এন ডি এফ বি (পি) ধীৰেন বড়ো গোটৰ দুজন প্ৰাক্তন সদস্যক অপহৰণৰ এক ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোক দুগৰাকী হৈছে মহন্ত নাৰ্জাৰী (২৩), পিতা—অনুচ নাৰ্জাৰী, চিৰাং জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমটেকাৰ বাসিন্দা আৰু ৰিজয় স্বৰ্গীয়াৰী (২০), পিতা—স্বঃ খাওলা স্বৰ্গীয়াৰী, ওদালগুৰি জিলাৰ দাইফাঙৰ বাসিন্দা।

“বগ্ৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তিপকাই আৰক্ষী চকী এলেকাৰ পৰা কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে এজন লোকক অপহৰণৰ চেষ্টা কৰা সন্দৰ্ভত পোৱা এক সূত্ৰৰ খবৰৰ ভিত্তিত ২৩ জুলাই, ২০২০ত আৰক্ষীয়ে এক জাল তৰে,” কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কয়।

তিপকাইৰ বজাৰ এলেকাত এই অভিযানত ডি এছ পি (HQ), বগ্ৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, তিপকাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আন ষ্টাফে ভাগ লৈছিল, আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়।

তেওঁ জনাই যে আৰক্ষীৰ লোকসকল বজাৰ এলেকাটোত অসামৰিক পোচাকত আছিল আৰু পুৱা ৭.৩০ মান বজাত দুজন সন্দেহজনক ব্যক্তি এখন বাইকত বজাৰখনত ঘূৰি ফুৰা দেখা পায়।

আৰক্ষীৰ লোকসকলে তেওঁলোকক ৰখায় আৰু তালাচী চলোৱাত এটা ফেক্তৰিত নিৰ্মিত ৭.৬৫ এম এম পিষ্টলৰ সৈতে এটা মেগাজিন আৰু এজাঁই সক্ৰিয় গুলী তেওঁলোকৰ পৰা উদ্ধাৰ কৰে।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জনায় যে তেওঁলোক দুয়ো চিৰাঙত থাকে।