NORTHEAST NOW (Assamese)
অসম

আহত কুকুৰা পোৱালিৰ বাবে অন্তৰে কন্দা মিজো শিশুক সন্মান পে’তাৰ

Posted by: এন ই নাও নিউজ April 19, 2019 7:38 pm
PETA awards tender-hearted Derek from Mizoram for act of compassion mizo derek chicken

চলাই যোৱা চাইকেলখনৰ খুন্দাত আহত কুকুৰা পোৱালি এটিৰ প্ৰাণ বচাবলৈ লোৱা দুৰ্লভ, দৃষ্টান্তস্থাপনকাৰী ভূমিকাৰ স্বীকৃতিস্বৰূপে মিজো কণমানি দেৰেক চি লালচানহিমাক সন্মানিত কৰিছে পে’তা (People for the Ethical Treatment of Animals)ই।

জন্তু অধিকাৰক লৈ কাম কৰা বিশ্বৰ বৃহত্তম সংস্থাটোৰ ভাৰত শাখাই দেৰেকলৈ আগবঢ়াইছে “সহানুভূতিশীল শিশুৰ সন্মান” (Compassionate Kid Award)।

নিজে চলাই যোৱা চাইকেলৰ তলত পৰি আহত হোৱা কুকুৰাটিক ততাতৈয়াকৈ নিজৰ হাতত থকা সাঁচতীয়া ১০টকাৰে চিকিৎসালয়ত ভৰ্তি কৰিছিল কণমানিটোৱে।

হস্পিতেলত উপস্থিত শিশুটিৰ নিৰ্মল, সৰল প্ৰয়াসৰ ছবিখনে চ’চিয়েল মিদিয়াত ব্যাপক সমাদৰেৰে বিশ্বজুৰি অসংখ্যজনৰ অন্তৰ চুই গৈছিল।

প্ৰথমে এটা ফে’চবুক প’স্তৰ যোগেদি পোহৰলৈ অহা ঘটনাটো পিছলৈ সংবাদ মাধ্যমে বিপুলভাৱে প্ৰচাৰ কৰিছিল।

“জীৱ-জন্তুৰ প্ৰতি সহানুভূতিৰ বিকাশ মানুহকে ধৰি আন সকলো জীৱৰ প্ৰতিয়েই সহানুভূতিৰ আৰু হিংসা-বিৰোধিতাৰ পথত এক গুৰুত্বপূৰ্ণ খোজ,” দেৰেকৰ প্ৰতি স্বীকৃতিৰে পে’তা ইন্দিয়াৰ ব্লগত উল্লেখ।