NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত তৃণামূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ পশ্চিম বংগৰ অভিনেত্ৰীৰ ৰ’ড শ্ব’  

Posted by: এন ই নাও নিউজ April 19, 2019 6:09 pm
election campaign at Dhuburi

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ধুবুৰীত উপস্থিত হয় পশ্চিম বংগৰ মোহময়ী অভিনেত্ৰী নুছৰৎ জাহান। ধুবুৰীৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, হেলিকপ্টাৰেৰে আহি ধুবুৰীৰ ঝগৰাৰপাৰ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পাছত অভিনেত্ৰীগৰাকীয়ে দলীয় সমৰ্থকৰ সৈতে এখন খোলা জীপত উঠি ধুবুৰী চহৰৰ মাজমজিয়াত ৰ’ড শ্বত অংশ লয়। অভিনেত্ৰীগৰাকীৰ ৰ’ড শ্বত অংশ লয় পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ শান্তনু সেন আৰু ধুবুৰীৰ দলটোৰ প্ৰাৰ্থী নুৰুল ইছলামে।

নিৰ্বাচনী প্ৰচাৰত অংশলৈ অভিনেত্ৰীগৰাকীয়ে এইবাৰ তৃণামূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বদৰুদ্দিন আজমলক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হ’ব বুলি মন্তব্য কৰাৰ লগতে নাগৰিক পঞ্জীত দেশৰ কোনো লোকৰ নাম বাদ পৰিব নোৱাৰিব বুলি কয়।

ধুবুৰী লোকসভা সমষ্টিত তৃতীয় পৰ্য্যায়ত অৰ্থাৎ ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। সমষ্টিটোত এইবাৰ এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমল, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী আৰু অগপ মিত্ৰজোটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ মাজতে মূল নিৰ্বাচনী যুদ্ধখন হ’ব বুলি আশা কৰা হৈছে যদিও তৃণামূলৰ প্ৰাৰ্থীগৰাকীয়ে কিছু ভোট বিভাজন ঘটোৱাৰ সম্ভৱনা আছে।