NORTHEAST NOW (Assamese)
অসম

উদ্ভট মন্তব্য বিধেয়কখন বুজি নোপোৱা মুখ্য মন্ত্ৰীৰ : অসমত ১৭৮জন হিন্দু বাংলাদেশীয়েহে নাগৰিকত্ব পাব

Posted by: এন ই নাও নিউজ January 23, 2019 9:04 am
Sonowal Where is APSC reformation? Congress asks Assam CM Sonowal

নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হ’লে অসমত মাত্ৰ ১৭৮জন হিন্দু বাংলাদেশীয়েহে নাগৰিকত্ব পাব বুলি এক উদ্ভট মন্তব্য কৰিছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱলে।

সমগ্ৰ অসমীয়াৰ শংকাৰ কাৰণ বিধেয়কখন ভালকৈ বুজি পোৱা নাই বুলি উঠা জনৰৱক সত্য প্ৰমাণ কৰি মুখ্য মন্ত্ৰীজনে ২২ জানুৱাৰিত এই মন্তব্য কৰিছে। ২২ জানুৱাৰিত মুখ্য মন্ত্ৰীজন ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অসম সাহিত্য সভা আৰু জনজাতি সাহিত্য সভাৰ ঐক্যমঞ্চ খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হৈছিল।

বৈঠকত সাহিত্য সভাসমূহৰ প্ৰতিনিধিসকলে মুখ্য মন্ত্ৰীজনক ৰাইজৰ সৈতে থিয় হৈ বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছিল। তেতিয়াই চৰম মূঢ়তা প্ৰকাশ কৰি মুখ্য মন্ত্ৰীজনে কয় যে জেপিচিৰ প্ৰতিবেদন মতে অসমত ১৭৮জন মানহে হিন্দু শৰণাৰ্থী আছে। গতিকে বিধেয়কখন হ’লে মাত্ৰ এইকেইজন মানুহহে লাভৱান হ’ব।

মুখ্য মন্ত্ৰীজনৰ এই কথাত হতভম্ভ হয় উপস্থিত প্ৰতিনিধিসকল। লগতে হতাশো হয় মুখ্য মন্ত্ৰীৰ অজ্ঞানতা দেখি। তেওঁলোকে মুখ্য মন্ত্ৰীজনক জনায় যে তেওঁলোকে ৰাইজৰ বাৰ্তা লৈহে এই বৈঠকলৈ আহিছে। ৰাজ্যসভাত যাতে বিধেয়কখন গৃহীত নহয়, তাৰ বাবে অসমৰ পৰিস্থিতি আৰু অসমীয়া মানুহৰ শংকাৰ বিষয়ে জনাই বিধেয়কখনৰ বিৰোধিতা কৰি কেন্দ্ৰলৈ লিখিবলৈ অনুৰোধ জনায়। বৈঠকৰ অন্তত প্ৰতিনিধিসকলে মুখ্য মন্ত্ৰীক বিধেয়কখন বিৰোধিতা কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীজনে বহু দিন ধৰি বিধেয়কখন সন্দৰ্ভত ৰাজহুৱাকৈ মুখ খোলা নাছিল। কিন্তু যোৱা কিছুদিন ধৰি কেইবাঠাইতো ৰাইজক সম্বোধন কৰি বিধেয়কখনৰ বিষয়ে আন্দোলনকাৰী নেতাসকলে ভুল ব্যাখ্যা কৰি আছে বুলি ক’বলৈ গৈ নিজে ইয়াৰ উদ্ভট কিছুমান ব্যাখ্যা দিয়া দেখা গৈছে মুখ্য মন্ত্ৰীজনক। ইয়ালৈ লক্ষ্য কৰিয়েই মুখ্য মন্ত্ৰীজনে বিধেয়কখন ভালকৈ বুজি পোৱা নাই বুলি মুখ খোলাৰ লগে লগে ওলই পৰিছে বুলি কোৱাকুই হোৱা দেখা গৈছে। কৃষক মুক্তিৰ নেতা অখিল গগৈয়েও মুখ্য মন্ত্ৰীজনে বিধেয়কখন বুজি নাপায় বুলি মন্তব্য কৰিছিল।