NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত আৰক্ষী-সেনাবাহিনীৰ হাতত গ্ৰেপ্তাৰ এন ডি এফ বি(স)ৰ দুৰ্ধৰ্ষ সদস্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2019 5:05 pm

কোকৰাঝাৰত আৰক্ষী আৰু সেনাবাহিনীয়ে ১ আগষ্টৰ মাজনিশা যৌথ অভিযান চলাই এন ডি এফ বি (স)ৰ দুৰ্ধৰ্ষ সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মাৰণাস্ত্ৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এন এফ বিৰ সদস্যজনক দীপক বসুমতাৰী ওৰফে বি দৈবাই বুলি চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা এন ডি এফ বিৰ সদস্যজনৰ আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল, দুই ৰাউণ্ড সজীৱ গুলী লগতে বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।

ধৃত এন ডি এফ বিৰ সদস্যজন কোকৰাঝাৰ জিলাৰ বিশমূৰীৰ মাইনাও নগৰৰ বাসিন্দা।

তেওঁ ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত আৰু এন ডি এফ বিৰ ৪২ নং বেটছৰ সদস্য আছিল বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

বৰ্তমান এন ডি এফ বিৰ সদস্য গৰাকীক আৰক্ষীয়ে মাৰথান জেৰা চলোৱা বুলি জানিব পৰা গৈছে।