NORTHEAST NOW (Assamese)
অসম

১৫-১৮ বছৰৰ শিক্ষাৰ্থীক ভেকচিন: স্বাস্থ্যমন্ত্ৰীয়ে ক’লে ‘অমিক্ৰনক লৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ’

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী January 3, 2022 1:04 pm
index

সোমবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো আজিৰে পৰা আৰম্ভ হৈছে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক’ভিড ভেকচিন প্ৰদান অভিযান।

সেই অনুসৰি, সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হ’ব কভিড ভেকচিন।

মহানগৰীৰ গোপাল বড়ো স্কুলতো ভেকচিন প্ৰদান কৰা হয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত বিদ্যালয়খনত প্ৰদান কৰা হয় প্ৰথম পালি কোভাক্সিন।

ভেকচিন প্ৰদান কৰা মহানগৰীৰ আন বিদ্যালয়সমূহ হৈছে- কামৰূপ একাডেমী, ডনবস্ক স্কুল পাণবজাৰ, কটন কলেজিয়েট উচ্চচতৰ মাধ্যমিক বিদ্যালয়, টি.চি স্কুল, কালিৰাম উচ্চতৰ মাধ্যমিক স্কুল, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক স্কুল, কাজিৰঙা ইংলিছ একাডেমী, সোণাপুৰ উচ্চতৰ মাধ্যমিক স্কুল, নাহৰগুৰি উচ্চতৰ মাধ্যমিক স্কুল, জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়, সোণাপুৰ কলেজ আৰু কেন্দ্ৰীয় বিদ্যালয়, নাৰেংগী।

উল্লেখ্য যে, ৯ জানুৱাৰীলৈকে এই ভেকচিন প্ৰদান কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ লক্ষ্য  বান্ধি লৈছে ৰাজ্য চৰকাৰে। তাৰোপৰি, এই ভেকচিন প্ৰদান কাৰ্যসূচীয়ে ৰাজ্যৰ প্ৰায় ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব।

ভেকচিন প্ৰদান অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, “মাৰ্চৰ মেট্ৰিক-হায়াৰছেকেণ্ডাৰী পৰীক্ষাৰ আগত দুই পালি ভেকচিন প্ৰদান কৰা হব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহতো ভেকচিন দিয়া হব। কোভিড যুদ্ধৰ মূল অস্ত্ৰ হৈছে  ভেকচিন। সকলো সতৰ্ক হব লাগিব। শংকিত হোৱাৰ প্ৰয়োজন নাই। পশ্চিম বংগত যথেষ্ট হাৰত বৃদ্ধি হৈছে যদিও অ’মিক্ৰণক লৈ সচেতন হৈ আছে ৰাজ্যৰ স্বাস্থ্য খণ্ড। যি কোনো পৰিস্থিতিৰ বাবে সাজু আছোঁ আমি। মুঠৰ ওপৰত এতিয়া ২৫০০০ বিছনা লৈ সাজু হৈ আছে স্বাস্থ্য বিভাগ।”