NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত নতুন আৰক্ষী অধীক্ষকৰ কাৰ্য্যভাৰ গ্ৰহণ; সাংবাদিকৰে বৈঠক

Posted by: কাজি জেইদুল ইছলাম January 23, 2019 8:10 am
Biswanath SP

ৰাজ্যৰ কেইবাখনো জিলাৰ প্ৰসাশনিক বিষয়া সকলক কিছুদিন পূৰ্বে সাল সলনি কৰা হৈছিল। সেই অনুসৰি বিশ্বনাথ জিলাতো সলনি হয় উপায়ুক্তৰ আৰু আৰক্ষী অধীক্ষক। মঙলবাৰে ৰাকেছ ৰোচনে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।

নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে ৰাকেছ ৰোচনে অধীক্ষকৰ কাৰ্যালয়ত বিশ্বনাথ চাৰিআলিৰ সংবাদদাতা সকলৰ লগত চিনাকি অনুষ্ঠান তথা এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

উক্ত আলোচনাত বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক ৰতন ভুঞা, নিৰঞ্জন হাজৰিকা, হেমন্ত শইকীয়াকে ধৰি কেইবাজনো সাংবাদিক উপস্থিত থাকি বিশ্বনাথৰ বহু কেইটা জলন্ত সমস্যা সন্দৰ্ভত আলোচনা অধীক্ষক গৰাকীক অৱগত কৰে।

উক্ত আলোচনাৰ অন্তত ৰাকেছ ৰোচনে আগন্তুক সময়ত বিশ্বনাথ জিলাখনৰ যি কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি তথা সমস্যা সমাধানৰ বাবে তেওঁ পদক্ষেপ গ্ৰহণ কৰিব বুলি সাংবাদিকসকলক সদৰী কৰে।