NORTHEAST NOW (Assamese)
অসম

ছাত্ৰী নাছৰিন কাউছাৰৰ ৰহস্যজনক আত্মহত্যাৰ চি বি আই তদন্তৰ দাবী

Posted by: জহিৰুল ইছলাম September 27, 2018 2:19 pm
Untitled-1 copy (1)

হোজাইৰ মৰিয়ম আজমল উইমেন্স কলেজ অব চায়েন্স এণ্ড টেকন’লজিত যোৱা ২২ ছেপ্টেম্বৰৰ দিনা সংঘটিত হৈছিল এক দুৰ্ভাগ্যজনক ঘটনা। ঘটনাৰ বিৱৰণী মৰ্মে,  কলেজখনত অধ্যয়নৰত লাহৰীঘাটৰ টেঙাগুৰিৰ নাছৰিন কাউছাৰ নামৰ এগৰাকী মেধাৱী ছাত্ৰীৰ বিল্ডিঙৰ পৰা পৰি মৃত্যু হৈছিল।

কিন্তু নাছৰিন কাউছাৰৰ পৰিয়াল বৰ্গৰ লগতে লাহৰীঘাটবাসীয়ে নাছৰিন কাউছাৰৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই। লাহৰীঘাটবাসীৰ মতে, নাছৰিন কাউছাৰক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। কলেজ কৰ্তৃপক্ষই এনে হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে।

পৰিয়াল বৰ্গৰ দাবী, বিল্ডিঙৰ পৰা জঁপিয়াই পৰিলে দেহৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হ’লহেতেন কিন্তু নাছৰিনৰ মৃতদেহত কোনো ধৰণৰ আঘাতৰ চিন দৃষ্টিগোচৰ হোৱা নাই।

এই লৈ এতিয়া আমছু, মিঞা পৰিষদ, মুছলিম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল-সংগঠনে নাছৰিনৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে নাৰী হত্যা বন্ধ কৰক, শিক্ষাৰ্থীক সুৰক্ষা দিয়ক, নাছৰিন কাউছাৰৰ ৰহস্যজনক মৃত্যৰ চি বি আই তদন্তৰ ব্যৱস্থা কৰক ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ইফালে নাছৰিন কাউছাৰৰ পৰিয়াল বৰ্গই এই ৰহস্যজনক কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে শিক্ষা মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনায়।