NORTHEAST NOW (Assamese)
অসম

২০১৯’ত বিজেপি চৰকাৰক জনসাধাৰণে বিসৰ্জন দিয়াটো নিশ্চিত : ৰাৱট

Posted by: হিতোজ্বল চেতিয়া September 27, 2018 1:24 pm
Dimou congress meeting

শিৱসাগৰ জিলাৰ থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিমৌৰ ডিমৌ ৰাজহুৱা ভৱনত ২৬ ছেপ্টেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ‘হিচাপ দিয়ক উত্তৰ দিয়ক’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়।

শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঁইয়ে সভাপতিত্ব কৰা আৰু জিলা সাধাৰণ সম্পাদক গজেন ৰাজকোঁৱৰে আঁতধৰা সভাখনৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক হৰিশ ৰাৱট।

ভাষণ প্ৰসংগত ৰাৱটে আগন্তুক ২০১৯ চনৰ নিৰ্বাচনত বৰ্তমানৰ চৰকাৰখনক জনসাধাৰণে বিসৰ্জন দিয়াটো একপ্ৰকাৰ নিশ্চিত বুলি উল্লেখ কৰাৰ লগতে সুশান্ত বৰগোহাঁইক উক্ত নিৰ্বাচনত বিপুল ভোটত জয়ী কৰাবৰ বাবে কংগ্ৰেছ কৰ্মীসকলক আজিৰ পৰাই কামত লাগিবলৈ আহ্বান জনায়।

সভাত উপস্থিত বক্তাসকলে ৭৭ হাজাৰ কোটি টকা বেংকৰ পৰা ঋণ লৈ পলায়ন কৰা বিজয় মালিয়াক ৰক্ষণাবেক্ষণ দিয়া বিজেপি চৰকাৰক দেশৰ পৰা উৎখাত কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়।

সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বড়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধি, সোণাৰীৰ প্ৰাক্তন বিধায়ক শৰৎ বৰকটকীকে ধৰি কংগ্ৰেছৰ বহু নেতৃস্থানীয় ব্যক্তিৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটি, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ ভালেসংখ‍্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে।