NORTHEAST NOW (Assamese)

বোকাখাতত পেডেল মাৰি মাৰি ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ

June 10, 2018 10:51 am · উত্তম শইকীয়া
Updated: June 10, 2018 10:53 am

অত্যাৱশ্যকীয় খাদ্য সামগ্রী আৰু পে’ট্রলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বােকাখাত ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত শনিবাৰে বােকাখাত ব্লক কংগ্ৰেছ কমিটীৰ কার্যালয়ৰ পৰা এক চাইকেল ৰেলীৰে উলিয়াই বোকাখাত  উত্তাল কৰি তােলে।

উল্লেখযোগ্য যে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা গােলাঘাট জিলা কংগ্রেছৰ তত্ত্বাৱধায়ক ব্রজেন সন্দিকৈয়ে ফ্লেগ অফ কৰা চাইকেল ৰেলীৰ দলটো বােকাখাত নগৰৰ পৰা বােকাখাত গাঁও পঞ্চায়ত, ৰজাবাৰী আৰু কুৰুৱাবাহী গাঁও পঞ্চায়তৰ গ্রাম্য পথেদি ২২ কিঃ মিঃ পথ ভ্রমণ কৰি ৰজাবাৰীত এই ৰেলীৰ সামৰণি মাৰে।

এই প্ৰতিবাদী ৰেলীত অংশ গ্ৰহণকাৰী সকলে ‘নৰেন্দ্ৰ মােদী মুর্দাবাদ, নৰেন্দ্ৰ মােদীৰ আচ্ছে দিন কেতিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক, পে’ট্রলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰােধ কৰক, সর্বানন্দ সােণােৱাল হায় হায়, বিজেপি মুৰ্দাবাদ’ আদি প্ৰতিবাদী শ্ল’গানেৰে নগৰৰ লগতে গ্রাম্য পথসমূহো উত্তাল কৰি তােলে।

চাইকেল ৰেলীত অসম প্রদেশ কংগ্ৰেছ কমিটী তথা নিখিল ভাৰত আদিবাসী কংগ্ৰেছ কমিটীৰ ৰাজ্যিক সদস্য দাদু টায়ে, প্রাক্তন বিধায়ক অৰুণ ফুকন, ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, জিলা কংগ্রেছৰ উপ সভাপতি মুনিন্দ্র নাথ শর্মা, প্রদেশ কংগ্ৰেছৰ সদস্য প্রদীপ নাথ, চাহ মজদুৰ সংঘ বােকাখাত শাখাৰ সম্পাদক তপন কর্মকাৰ, সাধাৰণ সম্পাদক বকুল হাজৰিকা, মহিলা কংগ্রেছৰ সভানেত্রী মামণি দলে, সাধাৰণ সম্পাদক বিমল দলে, বিপুল দাস, সীমান্ত শইকীয়া, ভাস্কৰ কালিন্দি, যুৱ কংগ্ৰেছ, এন এছ ইউ আই সদস্যসকলে অংশ লয়।

Related News