NORTHEAST NOW (Assamese)
অসম

বোকাখাতত বনৰীয়া গাহৰিৰ আক্ৰমণত দুজন ব্যক্তি আহত

Posted by: উত্তম শইকীয়া December 20, 2017 4:46 pm

গোলাঘাট জিলাৰ বোকাখাতৰ ধোৱাআটি বেলগুৰি গাঁৱত আজি বিয়লি পথাৰত কাম কৰি থকা অৱস্থাত বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰি ২ জন ব্যক্তিক গুৰুতৰভাৱে আহত কৰে। গাহৰিৰ আক্ৰমণত আহত হোৱা ব্যক্তি দুজন বেজীয়া দলে আৰু ৰঞ্জিত মোদী বুলি জানিব পৰা গৈছে। আনহাতে বেজিয়া দলেৰ ঘৰ বোকাখাতৰ আমটেঙা গাঁৱত আৰু ৰঞ্জিত মোদীৰ ঘৰ ধোৱাআটিৰ বেলগুৰি গাঁৱত। বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভআৱে আহত হোৱা ব্যক্তি দুজনক বোকাখাতৰ কমলামিৰি অসামৰিক হস্পিটেলত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল। কিন্তু লোক দুজনৰ অৱস্থা গুৰুতৰ হৈ পৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰদান কৰা হয়। ইফালে বনৰীয়া গাহৰিৰ উপদ্ৰৱত ক্ষুব্ধ হৈ স্থানীয় লোকে ব্যক্তি দুজনক আক্ৰমণ কৰা বনৰীয়া দঁতাল গাহৰিটোক প্ৰহাৰ কৰি হত্যা কৰে।