NORTHEAST NOW (Assamese)
অসম

১৩ জনকৈ ডকাইতক ধৰিলে দৰং আৰক্ষীয়ে : নগদ ধন, সোণৰ অলংকাৰ, ম’বাইল হেণ্ডছেট উদ্ধাৰ

Posted by: এন ই নাও নিউজ December 20, 2017 4:39 pm
১৩ জনকৈ ডকাইতক ধৰিলে দৰং আৰক্ষীয়ে : নগদ ধন, সোণৰ অলংকাৰ, ম’বাইল হেণ্ডছেট উদ্ধাৰ

দৰং আৰক্ষী আজি ১৩ জন ডকাইতক আটক কৰিবলৈ সক্ষম হয়। ডকাইতকেইজনৰ পৰা ২.১৪ লাখ নগদ টকা, প্ৰায় ২ লাখ টকাৰ মূল্যৰ সোণৰ অলংকাৰ, কেইবাটাও ম’বাইল হেণ্ডছেট আৰু চোকা অস্ত্ৰৰ লগতে এখন টাটা ছুম’ গাড়ীও উদ্ধাৰ কৰে। জানিব পৰা মতে, ডকাইতকেইজনে ছিপাঝাৰ আৰক্ষী থানাৰ অধীনৰ ৰূপৰো চক নামৰ গাওঁখনৰ ৰফিকুল হকৰ ঘৰত যোৱা ৰাতি ডকাইতি কৰি আহিছিল। তেওঁলোকক মঙলদৈ আৰক্ষী থানাৰ এটা তহলদাৰী দলে বামুণপাৰাৰ ওচৰত আটক কৰে। উদ্ধাৰ কৰা টাটা ছুম’ গাড়ীখনৰ পঞ্জীয়ন নং AS 01 AM 1821 বুলি জানিব পৰা গৈছে। আটক কৰা ডকাইতকেইজন ধুলা, খাৰুপেটীয়া, আৰু মঙলদৈ আৰক্ষী থানাৰ বিভিন্ন ঠাইৰ পৰা অহা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে। ড্ৰাইভাৰজনৰ ঘৰ বাক্সা জিলাত বুলি জানিব পৰা গৈছে। আনহাতে ডকাইতৰ দলটোৰে কেইজনমান এখন অল্ট গাড়ীত উঠি পলাই যায় বুলিও আৰক্ষীৰ সূত্ৰটোৱে জনাইছে।