NORTHEAST NOW (Assamese)
অসম

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 30, 2025 6:14 pm

দুবছৰৰো অধিক পূৰ্বে নিৰুদ্দেশ হৈছিল শদিয়াৰ উদয় নগৰৰ যুৱক জনাৰ্দনা গগৈ। শেহতীয়াকৈ জানিব পৰা গৈছে যে দুবছৰ পূৰ্বে ঘৰৰ পৰা গৈ নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন আলফা(স্বাঃ)ত।

এই কথা জানিব পাৰি এতিয়া শোকত ভাগি পৰিছে জনাৰ্দন গগৈৰ পৰিয়াল। যুৱকজনৰ মাতৃয়ে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰেৰে আহ্বান জনাই তেওঁৰ পুত্ৰক ঘূৰাই পঠাবলৈ অনুৰোধ জনাইছে।

পুত্ৰৰ অনুপস্থিতিত মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু সেয়েহে মানৱীয় দৃষ্টিভংগীৰে জনাৰ্জন গগৈক ঘৰলৈ ঘূৰাই পঠাবলৈ আহ্বান জনাইছে মাতৃয়ে।

জানিব পৰা মতে, কৰ্মসূত্ৰে তিনিচুকীয়ালৈ  যাওঁ বুলি পৰিয়ালৰ লোকক জনাই ২০২২ চনৰ ১৬ এপ্ৰিলত ঘৰৰ পৰা ওলাই আহিছিল জনাৰ্দন। তাৰপিছৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন।