NORTHEAST NOW (Assamese)

বোকাখাতত মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণি

January 31, 2018 6:42 pm · উত্তম শইকীয়া

বোকাখাত চাহ বাগিচাৰ খেল পথাৰত আজি বিয়লিৰ পৰা আৰম্ভ হৈছে মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাৰ বোকাখাত সমষ্টিৰ খেল।

চাহ জনজাতিৰ যুৱ প্ৰজন্মৰ মাজত থকা ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰা এই প্ৰতিযোগিতাত বোকাখাত সমষ্টিৰ ১৩ খন চাহ বাগিছাই অংশ গ্ৰহণ কৰিছে ৷

৬ ফেব্ৰুৱাৰিত বোকাখাত চাহ বাগিচাৰ খেল পথাৰতেই প্ৰতিযোগিতাখনৰ ফাইনেল খেল অনুষ্ঠিত হ’ব ৷

আজি মেথনি চাহ বাগিচা আৰু ৰঙাগড়া চাহ বাগিচাৰ মাজত প্ৰতিযোগিতাখনৰ উদ্বোধনী খেল অনুষ্ঠিত হয় ৷ খেলৰ নিৰ্ধাৰিত সময়লৈকে দুয়োটা দলেই একোটাকৈ গ’ল দি ড্ৰ খেলে যদিও ট্ৰাইবেকাৰত ৰঙাগড়া চাহ বাগিচাই ৪ – ৩ গ’লৰ ব্যৱধানত জয় লাভ কৰে।

বোকাখাত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ড০ পুলিন বৰকটকী, অসম গণ পৰিষদ দলৰ ৰাজ্যিক সম্পাদক চন্দ্ৰ শৰ্মা, বোকাখাত প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড৹ বাবুলাল মোৰৰ লগতে বহু বিশিষ্ট অতিথি উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ধীৰাজ দাসে ফুটবলত কিক মাৰি প্ৰতিযোগিতাখন উদ্বোধন কৰে।

আনহাতে খেলৰ বিৰতিৰ পাচত আহি উপস্থিত হোৱা কেবিনেট মন্ত্ৰী অতুল বৰাক ঝুমই নৃত্যৰে মঞ্চলৈ আদৰি আনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

খেলৰ শেষত মন্ত্ৰী গৰাকীয়ে দুয়োটা দলৰ খেলুৱৈৰ সৈতে কৰমদন কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷

Related News