NORTHEAST NOW (Assamese)

বোকাখাতৰ ইকৰাজানত ২৬ জুনৰ পৰা নিৰুদ্দিষ্ট জয়ন্ত ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ

June 29, 2018 1:56 pm · উত্তম শইকীয়া
Updated: June 29, 2018 1:59 pm

বোকাখাতৰ চাপৰি গাঁৱৰ ইকৰাজানত আজি পুৱা পানীত ওপঙি থকা অৱস্হাত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে৷  মৃতদেহটো বোকাখাতৰ ৩ নং দ-গাঁৱৰ জয়ন্ত ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে ২৬ জুনৰ পৰা নিৰুদ্দেশ হৈ থকা লোকজন পুৱা পানীত ওপঙি থকা মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰাত লগে লগে বোকাখাত আৰক্ষীক অৱগত কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

উল্লেখ্য যে নিৰুদ্দেশৰ পাছতেই  জয়ন্ত ৰাজবংশীৰ সন্ধানত ইকৰাজানৰ বিভিন্ন স্থানত আৰক্ষীয়ে SDRF ৰ সহযোগত অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিবলৈ ব্যৰ্থ হৈছিল৷

স্থানীয় লোকে জয়ন্ত ৰাজবংশীক প্ৰেম জনিত কাৰণত হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ অৱশ্যে এই সকলো তথ্য আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধান আৰু মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিব ৷

Related News