NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বালিজানত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

Posted by: উত্তম শইকীয়া May 23, 2018 11:09 am
IMG-20180523-WA0011

দীৰ্ঘদিন ধৰি বোকাখাত নগৰৰ সমীপৱৰ্তী বালিজান এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকী বাঘটো আজি পুৱতি নিশা পিঞ্জৰাবদ্ধ হয়৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি বিচৰণ কৰি ফুৰা এই বাঘটোৰ বাবে স্থানীয় লোকৰ আপত্তিৰ ভিত্তিতে পূব অসম বন সংমণ্ডলৰ বনকৰ্মীয়ে এটা পিঞ্জৰা সংস্থাপন কৰিছিল৷

এই পিঞ্জৰাতে বুধবাৰে পুৱতি নিশা মতা নাহৰফুটুকী বাঘটো আৱদ্ধ হয়৷ বাঘটো আবদ্ধ হোৱা বুলি খবৰ লাভ কৰাত বোকাখাতত থকা পুৱ অসম বন্য প্ৰাণী সংমণ্ডলৰ বন কৰ্মী আৰু কাজিৰঙাৰ পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে বালিজানলৈ গৈ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোক পিঞ্জৰাৰে সৈতে লৈ আনে৷

পাছত কেন্দ্ৰটোৰ বিশেষজ্ঞ ডা৹ চামচুল আলীৰ তত্বাৱধানত পানবাৰী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বাঘটো৷ পিঞ্জৰাবদ্ধ মতা নাহৰফুটুকীটোৰ বয়স প্ৰায় দুবছৰ হ’ব বুলি ডা৹ চামচুল আলীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে বালিজান অঞ্চলৰ লগতেই ডিফলু আৰু নাহৰজান চাহ বাগিছা আৰু ইয়াৰ লগতে লাগি থকা কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চলটো নাহৰফুটুকী বাঘৰ অন্যতম আৱাস ভূমি৷ বন্য ভূমিৰ সংকোচন,  মানুহৰ অবাধ বিচৰনৰ বাবে এই অঞ্চলত এতিয়া বিপদাগ্ৰস্ত হৈ পৰিছে নাহৰফুটুকী বাঘ৷