NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বিহৰা চাহ বাগিচাৰ সমীপত পথ দুৰ্ঘটনা : এজন নিহত

Posted by: উত্তম শইকীয়া March 18, 2018 8:46 am
accident-570x320

বোকাখাতৰ বিহৰা চাহ বাগিচাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত হোৱা এক পথ দুৰ্ঘটনাত শনিবাৰে এজন চাইকেল আৰোহীৰ মৃত্যু হয় ৷

ৰাষ্ট্ৰীয় পথেৰে যোৱা কোনো  অজ্ঞাত গাড়ীৰ খুন্দাত কৃষ্ণ মুণ্ডা নামৰ চাইকেল আৰোহীজনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷

নিহত লোকজনৰ ঘৰ বিহৰা চাহ বাগিচাৰ চাৰি নম্বৰ লাইনত ।

নিহত কৃষ্ণ মুণ্ডা বিহৰা চাহ বাগিচাত কাম কৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে।

স্থানীয় লোকে পথৰ কাষতে চাইকেলসহ পৰি থকা অৱস্থাত কৃষ্ণ মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰে ৷

ঘটনাৰ পাচত গাড়ীৰ সন্ধানত বোকাখাত আৰক্ষীয়ে অনুসন্ধান  আৰম্ভ কৰিছে ।

ৰাষ্ট্ৰীয় ঘাইপথসমূহত মালবাহী ট্ৰাককে ধৰি যান বাহনসমূহৰ অনিয়ন্ত্ৰিত গতিবেগৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু পথেৰে যাতায়ত কৰা লোক মৃত্য মুখত পৰিব লগীয়া হৈছে।

বেছিভাগ ক্ষেত্ৰতে দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসমূহ নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হয়। কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ সমূহত মানুহৰ সমাগম কম হোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত কৰা চালকে সকলোৰে অলক্ষিতে গাড়ী লৈ পলাই সাৰিবলৈ সুবিধা পায়।