NORTHEAST NOW (Assamese)
Popular Stories

পত্নী কীৰণ ৰাওৰ সৈতে সহকৰ্মীৰ শেষকৃত্যত উপস্থিত থাকিল বলিউদৰ চুপাৰষ্টাৰ আমিৰ খান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2020 5:59 pm
index.jpg22

চলচ্চিত্ৰ নিৰ্মাতা পত্নী কিৰণ ৰাওৰ সৈতে নিজৰ সহকৰ্মীৰ শেষকৃত্যত উপস্থিত থাকিল বলিউদৰ চুপাৰষ্টাৰ তথা মিঃ পাৰ্ফেক্টছনিষ্ট আমিৰ খান।

বুধবাৰে সন্ধিয়া মুম্বাইৰ আমিৰ খানৰ এসময়ৰ সহকৰ্মী তথা অভিনেতা অমুৰ শেষকৃত্যত আমিৰ খান আৰু পত্নী কিৰণ ৰাওৱে মুখত মাস্ক পৰিধান কৰি অংশগ্ৰহণ কৰা দেখা যায়।

মুম্বাইৰ হোলী ফেমেলী হাস্পতালত কালি মঙ্গলবাৰে অভিনেতা আমু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। মৃত্যুৰ সময়ত অভিনেতা আমুৰ বয়স হৈছিল ৬০ বছৰ।

উল্লেখ্য যে আমিৰ খানে অভিনয় জীৱনৰ ২৫ টা বছৰ আমুৰ সৈতে বলিউদত কাম কৰিছে।

দঙ্গল ছবিৰ সৈতে জড়িত আমিৰ খানৰ অতি ঘনিষ্ঠ বন্ধু কৰীম হাজীয়ে সংবাদ প্ৰতিষ্ঠান পি টি আইক কয় যে আমুৰ মৃত্যুত শোকত বিহ্বল হৈ পৰিছে আমিৰ খান।

“তেওঁ কোনো গুৰুতৰ ৰোগত আক্ৰান্ত নাছিল। তেওঁৰ মৃত্যুৱে আমাক হতবাক কৰিছে।” আমিৰ আৰু কিৰণে এক মেচেজৰ জৰিয়তে কয়।

কৰীম হাজীয়ে পি টি আইক কয় যে, কিছুদিনৰ পূৰ্বে ককাক হোৱা আমুৱে পত্নী আৰু দুই সন্তানৰ সৈতে মুম্বাইত বাস কৰিছিল।

“চুপাষ্টাৰৰ সৈতে কাম কৰিছিল যদিও আমু অত্যন্ত সৰল আৰু মৰমীয়াল আছিল। তেওঁক কেৱল আমিৰে ভাল পোৱা নাছিল, সকলোৱে তেওঁক ভাল পাইছিল। তেওঁ এজন অতি ভাল মানুহ আছিল। তেওঁ কঠোৰ পৰিশ্ৰমী আৰু হৃদয়ৱান লোক আছিল।” কৰীম হাজীয়ে পি টি আইক কয়।