NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ লখৌজান চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

Posted by: উত্তম শইকীয়া March 30, 2018 9:35 am

বোকাখাতৰ লখৌজান চাহ বাগিচাত শুক্ৰবাৰৰ পুৱতি নিশা বন বিভাগে পতা পিঞ্জৰাত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়৷

উল্লেখযোগ্য যে বিগত এটা মাহে লখৌজান চাহ বাগিচাৰ শ্ৰমিকৰ বাসগৃহৰ সমীপত নিয়মিত ভাৱে নিশা বিচৰণ থকা উক্ত নাহৰফুটুকী বাঘটোয়ে যোৱা ৭ মাৰ্চত গনেশ চহিচ নামৰ এজন লোকক আক্ৰমন কৰি জখম কৰিছিল।

ইয়াৰ পিছতে বাগিচাৰ কৰ্তৃপক্ষই বাঘটো কৰায়ত্ব কৰাৰ বাবে বোকাখাত খণ্ড বন কাৰ্যালয়ক অৱগত কৰাত বন বিভাগে ১২ মাৰ্চ তাৰিখে বাঘটোয়ে বিচৰণ কৰা অঞ্চলত এটা পিঞ্জৰা স্থাপন কৰিছিল ৷

অৱশ্যে প্ৰথম অৱস্থাত পিঞ্জৰাত টোপ হিচাবে ছাগলী ৰখা হৈছিল যদিও বাঘটোয়ে ছাগলীৰ কান কামুৰি লৈ গৈছিল যদিও পিঞ্জৰাবদ্ধ হোৱা নাছিল ৷

অৱশেষত বিশেষজ্ঞৰ পৰামৰ্শ মতে যোৱা বৃহস্পতি বাৰে ছাগলীৰ স্থানত কুকুৰ ৰখাৰ পিছত শুক্ৰবাৰৰ নিশা বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগ সক্ষম হয়। উল্লেখযোগ্য যে কুকুৰ হৈছে নাহৰফুটুকী বাঘৰ প্ৰিয় চিকাৰ। কুকুৰৰ বাবেই বিভিন্ন সময়ত জন বসতিলৈ আহে নাহৰফুটুকী বাঘ।

লখৌজানত পিঞ্জৰাবদ্ধ বাঘটো পাচত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ বিশেষজ্ঞ আৰু উদ্ধাৰকাৰী দলে লৈ আনি পানবাৰী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।