NORTHEAST NOW (Assamese)
অসম

১৯ ছেপ্তেম্বৰত আই পি এলৰ শুভাৰম্ভণি, ৮ নৱেম্বৰত ফাইনেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 1:59 pm

ভাৰতৰ লগতে বিশ্বৰ ক্ৰিকেট অনুৰাগী সকলে অধীৰ আগ্ৰহেৰে ৰৈ থকা আই পি এলৰ চলিত সংস্কৰণটি অহা ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব।

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটি ক’ৰ’না মহামাৰীৰ বাবে ভাৰতৰ বিপৰীতে য়ুনাইটেড আৰব এমিৰেটছ চমুকৈ UAE লৈ স্থানান্তৰ কৰা হৈছে।

৫১ দিনলৈকে চলিব লগীয়া বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট টুৰ্ণামেণ্টখনৰ ফাইনেল মেচখন ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব।

এই কথা জানিবলৈ দিয়ে আই পি এলৰ চেয়াৰমেন বৃজেশ পেটেলে।

উল্লেখ্য ক’ৰ’না ভাইৰাছৰ বাবে চলিত সংস্কৰণটি অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছিল। কিন্তু টি-২০ বিশ্বকাপ বাতিল হোৱাৰ লগে লগে আই পি এল আয়োজনৰ বাবে বি চি চি আইয়ে সুযোগ লাভ কৰিলে।

উল্লেখ্য যে টুৰ্ণামেণ্টখনৰ শুভাৰম্ভণি দিন আৰু সামৰণিৰ দিন ৰাজহুৱা কৰিছে যদিও মেচৰ সংখ্যা তথা সূচী প্রকাশ কৰা নাই।

জানিব পৰা মতে বি চি চি আইয়ে অহা সপ্তাহত আই পি এলৰ সূচী জাৰি কৰিব। আই পি এলৰ গভৰ্ণিং বডিৰ বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত ল’ব।

অৱশ্যে মেচ সমূহত দৰ্শকৰ উপস্থিতি থাকিব নে নাই সেই কথাও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটি যোৱা ২৮ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল ক’ৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকাললৈ পিছুৱাই দিছিল।