NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সাফল্য; ৩ লস্কৰ উগ্ৰপন্থীক গুলীয়াই নিহত কাশ্মীৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2022 11:50 am

কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে পুনৰ উগ্ৰপন্থী দমনত সফল হৈছে। মঙলবাৰে ৰাতিপুৱা কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰৰ শ্বোপিয়ান অঞ্চলত ৩ জন লস্কৰ-ই-তৈবা উগ্ৰপন্থীক নিহত কৰে। জানিব পৰা গৈছে যে অঞ্চলটোত নিৰীক্ষণৰ সময়তে উগ্ৰপন্থীসকলে হঠাতে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীৰ প্ৰত্যাক্ৰমণত তিনিজন উগ্ৰপন্থী নিহত হয়।

কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে পুৱতি নিশা নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীসকল সংঘৰ্ষত লিপ্ত হৈ পৰে। শ্বোপিয়ানৰ মুঞ্জ মাৰ্গ অঞ্চলত প্ৰায় দুঘণ্টা ধৰি চলা গুলীয়াগুলীত উগ্ৰপন্থী তিনিজন নিহত হয়।

লগতে পঢ়ক: আশ্চৰ্য! প্ৰথমবাৰৰ বাবে তাজমহললৈ হাউছ টেক্স বিচাৰি জাননী প্ৰেৰণ; বিষয়াৰ ভুল নে আন কিবা?

নিহত তিনিওজন লস্কৰ-ই-তৈবাৰ সক্ৰিয় সদস্য। এজন উগ্ৰপন্থীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বাকী দুজনৰ এজন লস্কৰ উগ্ৰপন্থী লতিফ লোন বুলি চিনাক্ত কৰা হৈছে। দুমাহ আগতে তেওঁৰ বিৰুদ্ধে পুৰাণ কৃষ্ণ ভাট নামৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

আন এজন উগ্ৰপন্থী উমৰ নাজিৰৰ বিৰুদ্ধেও নেপালৰ তিল বাহাদুৰ থাপাক হত্যা কৰাৰ অভিযোগ আছে। অৱশ্যে, তৃতীয় উগ্ৰপন্থীজনৰ পৰিচয় এতিয়াও আৰক্ষীয়ে স্পষ্ট কৰিব পৰা নাই। নিহত তিনিজন উগ্ৰপন্থীৰ পৰা একে-৪৭ ৰাইফল আৰু পিষ্টল উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: বিপদত প্ৰাক্তন ৰাষ্ট্ৰপতি; অভিযোগ প্ৰমানিত হ’লে ৪০ বছৰলৈকে কাৰাবাস হ’ব পাৰে ডোনাল্ড ট্ৰাম্পৰ!

আৰক্ষীয়ে সন্দেহ কৰিছে যে অধিক আৰু উগ্ৰপন্থী ওচৰে পাজৰে লুকাই থাকিব পাৰে। আৰু কমেও তিনিজন উগ্ৰপন্থী লুকাই থাকিব পাৰে বুলি অনুমান কৰা হৈছে। কাশ্মীৰ আৰক্ষীয়ে বৰ্তমান সমগ্ৰ অঞ্চলটোত ক’ম্বিং অপাৰেচন চলাই আছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাশ্মীৰ প্ৰশাসনে কাশ্মীৰত এজন লস্কৰ উগ্ৰপন্থী নেতাৰ সম্পত্তি জব্দ কৰিছিল। পলাতক আব্দুল ৰছিদ ওৰফে জাহাংগীৰে নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’চি) কাষৰ বিভিন্ন স্থানত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ চলাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছিল। উগ্ৰপন্থীজনৰ ঘৰটো উপত্যকাৰ ডোডা জিলাৰ খানপুৰা গাঁৱত অৱস্থিত। ঘৰটো শনিবাৰে জব্দ কৰা হৈছে। ইয়াৰ পিছত আৰক্ষীয়ে লস্কৰ উগ্ৰপন্থীৰ ঘাটি বিচাৰি অভিযান আৰম্ভ কৰে।