NORTHEAST NOW (Assamese)
Popular Stories

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

February 28, 2021 8:10 pm

কাৰাগাৰৰ পৰা উলাই অহাৰ পাছতে পুনৰ সোচ্চাৰ হৈ উঠিছে শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ।

১২ জানুৱাৰীত দিল্লীৰ সিংঘু বৰ্ডাৰত প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে গ্ৰেপ্তাৰ হোৱা দলিত নেতাগৰাকীয়ে শুকুৰবাৰে জামিনত মুক্তি লাভ কৰিছিল।

৪৬ দিন কাৰাগাৰত কটোৱাৰ অভজ্ঞতা বৰ্ণনা কৰি তেওঁ আৰক্ষীয়ে অত্যাচাৰ চলোৱাৰ উপৰিও কৌৰৰ জাত-পাতক লৈ বৰ্ণবৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা বুলিও অভিহিত কৰিছে।

‘দ্যা প্ৰিণ্ট’ৰ স’তে হোৱা এক বাৰ্তালাপত কৌৰে কয় যে তেওঁৰ লগতে আন কেইবাগৰাকী মহিলাক প্ৰতিবাদস্থলীত আৰক্ষীয়ে মাৰ ধৰ কৰি পৰিস্থিতি হিংসাত্মক কৰি তুলিছিল।

তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতো থানা আৰু জেলত আৰক্ষীয়ে শাৰিৰীক অত্যাচাৰ কৰা বুলি তেওঁ কয়।

আনকি শৰীৰৰ গোপন স্থানতো আৰক্ষীয়ে অত্যাচাৰ কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে মেডিকেল ৰিপ’ৰ্টত এইসমূহ সুন্দৰভাৱে প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত দাখিল কৰা মেডিকেল ৰিপ’ৰ্টত কোৱা হৈছে যে কৌৰৰ শৰীৰৰ বিভিন্ন অংশত আঘাটৰ চিন স্পষ্টভাৱে পোৱা গৈছে।

উক্ত মেডিকেল ৰিপ’ৰ্টটো কৌৰ গ্ৰেপ্তাৰ হোৱা ১২ দিনৰ পাছত অৰ্থাৎ ২৫ জানুৱাৰী তাৰিখে সনেপট অসামৰিক চিকিৎসালয়ত কৰা চিকিৎসা পৰীক্ষাৰ অন্তত প্ৰকাশ কৰা হৈছিল।

আনহাতে, শাৰিৰীক অত্যাচাৰৰ উপৰিও থানাত কৌৰে দলিতসকলৰ প্ৰতি অসন্মানজনক ব্যৱহাৰৰো সম্মুখীন হৈছিল বুলি অভিযোগ কৰে।

কৌৰে কয় যে কুণ্দলী ষ্টেচন আৰক্ষীৰ এজন বিষয়াই কৌৰক ধমকি দিছিল এইদৰে- ‘‘দলিতসকলে সমাজত সিমান ওপৰলে যাব নোৱাৰে যে তেওঁলোক জনতাৰ কণ্ঠ হৈ পৰিব পাৰে! সকলোৰে হৈ কথা ক’বলৈ তোক কোনে অধিকাৰ দিলে?’’

আনহাতে, কৌৰৰ এই সকলো অভিযোগ সংশ্লিষ্ট আৰক্ষী বিষয়াসকলে অস্বীকাৰ কৰি কৈছে যে এইসমূহ ‘‘ভুৱা অভিযোগ’’।