DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিপদত প্ৰাক্তন ৰাষ্ট্ৰপতি; অভিযোগ প্ৰমানিত হ’লে ৪০ বছৰলৈকে কাৰাবাস হ’ব পাৰে ডোনাল্ড ট্ৰাম্পৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 9:59 am
ডোনাল্ড ট্রাম্প। ফটো: সংগৃহীত।

ডোনাল্ড ট্রাম্প। ফটো: সংগৃহীত।

93
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৪০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ এক তদন্ত সমিতিয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ৰাজদ্ৰোহকে ধৰি চাৰিটা অভিযোগ অনাৰ পৰামৰ্শ দিছে।

যদি এই সকলো অভিযোগ প্ৰমাণিত হয়, তেন্তে ট্ৰাম্প ৪০ বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ’ব পাৰে। একে সময়তে তেওঁ দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনতো অংশগ্ৰহণ কৰিব নোৱাৰিব।

২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ পৰাজয়ৰ পিছত তেওঁৰ সমৰ্থকসকলে নিৰ্বাচনৰ ফলাফল প্ৰত্যাখ্যান কৰে। তাৰ পিছত ২০২১ চনৰ ৬ জানুৱাৰীত তেওঁলোকে কেপিটল হিল আক্ৰমণ কৰে।

বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা এখন সমিতিয়ে আক্ৰমণটোত ট্ৰাম্প জড়িত থকাটো বিচাৰি পাইছিল। সেয়েহে তেওঁলোকে ট্ৰাম্পক ৰাজদ্ৰোহকে ধৰি মুঠ চাৰিটা অভিযোগত বিচাৰ কৰিবলৈ পৰামৰ্শ দিছে।

বাতৰি অনুসৰি, যদি ট্ৰাম্পৰ এই অভিযোগবোৰৰ ওপৰত বিচাৰ হয় আৰু সেয়া প্ৰমাণিত হয়, তেন্তে তেওঁ ৪০ বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ’ব পাৰে। ফলস্বৰূপে তেওঁ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব।

লগতে পঢ়ক: দুবছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল দুই দেশৰ দুই সমকামী বিশ্ব সুন্দৰীয়ে

২০২০ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত, ২০২১ চনৰ ৬ জানুৱাৰীত জো বিডেনক নতুন ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত কৰা হয়। ট্ৰাম্পৰ বিৰুদ্ধে বিডেনৰ কাৰ্যভাৰ গ্ৰহণ প্ৰতিহত কৰিবলৈ সংঘৰ্ষক উচটনি দিয়াৰ অভিযোগ আছে, যি পিছত হিংসাত্মক ৰূপ হৈছিল।

সমিতিখনে কেপিটল হিলৰ ঘটনাত ট্ৰাম্প জড়িত থকা তথা উচটনি দিয়াৰ বিষয়টো সুদীৰ্ঘ ১৮ মাহ ধৰি তদন্ত কৰে। তেওঁলোকে তাৰপিছতে ট্ৰাম্পৰ বিৰুদ্ধে চাৰিটা অভিযোগৰ পৰামৰ্শ দিছে। সেইবোৰ হৈছে বিদ্ৰোহত উচটনি আৰু সহযোগিতা, চৰকাৰী কামত বাধা, আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ আৰু মিছা বিবৃতি দিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ।

ইপিনে, কংগ্ৰেছৰ তদন্ত সমিতিয়ে এনে পৰামৰ্শ দিয়াৰ পিছত ডোনাল্ড ট্ৰাম্পে এনে পৰামৰ্শৰ বিৰুদ্ধে এটা বিবৃতি দিছে। তেওঁ ইয়াক “কেংগাৰু আদালত” বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: আৰ্জেণ্টিনাই বিশ্বকাপ জয়ৰ পিছতো ফিফা ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল

উল্লেখ্য যে দেশৰ ন্যায় বিভাগে এই অভিযোগবোৰৰ ওপৰত ট্ৰাম্পৰ বিচাৰ কৰা হ’ব নে নহয় তাৰ সিদ্ধান্ত ল’ব। ন্যায় বিভাগ কংগ্ৰেছ তদন্ত সমিতিৰ পৰামৰ্শ পালন কৰিবলৈ বাধ্য নহয়। কংগ্ৰেছ তদন্ত সমিতিয়ে দিয়া পৰামৰ্শসমূহ সম্পূৰ্ণৰূপে সাংকেতিক।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd