উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক আদৰণি জনোৱাৰ বাবে প্ৰস্তুতি চলি আছিল। চাৰ্কিট হাউচত মোতায়েন কৰা হৈছিল আৰক্ষী জোৱান। কিন্তু ন্যায়াধীশ অহাৰ পূৰ্বেই তাত উপস্থিত হয় AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি।
তেওঁক দেখি আৰক্ষীৰ জোৱানসকলে চেলুট দিবলৈ ধৰিলে। আনকি তেওঁক ন্যায়াধীশৰ বাবে নিৰ্দ্ধাৰিত ‘গাৰ্ড অৱ অনাৰ’ও দিয়া হয়। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইফালে, জিলা আৰক্ষী অধীক্ষকে এইটো কেনেকৈ হ’বলৈ পালে সেই বিষয়ে জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।
শনিবাৰে পুৱা চাহাৰনপুৰৰ চাৰ্কিট হাউচত উপস্থিত হয় আৰক্ষী জোৱান। উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ তাত উপস্থিত হোৱাৰ কথা আছিল। তেওঁক আনুষ্ঠানিকভাৱে আদৰিবলৈ সেই প্ৰস্তুতি। কিন্তু ন্যায়াধীশগৰাকী তেতিয়াও আহি পোৱা নাছিল।
ইয়াৰ মাজতে ওৱাইছিয়ে নিৰাপত্তাৰক্ষীৰ সৈতে চাৰ্কিট হাউচত প্ৰৱেশ কৰে। কৰ্তব্যৰত আৰক্ষীকেইজন চাগে তেওঁক দেখি বিভ্ৰান্তিত পৰিল। তেওঁকে ন্যায়াধীশ বুলি ভাবি তেওঁলোকে তেওঁক গাৰ্ড অৱ অনাৰ দিবলৈ ধৰিলে।
আৰক্ষীৰ চেলুট গ্ৰহণ কৰিবলৈ ওৱাইছিকো থিয় হৈ থকা দেখা গৈছিল। অৱশ্যে স্থানীয় সূত্ৰৰ মতে, তেওঁৰ চাৰ্কিট হাউছ ভ্ৰমণ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ অংশ নাছিল। তেওঁৰ হঠাৎ উপস্থিতিৰ বাবেই এই বিভ্ৰান্তিৰ সৃষ্টি হৈছিল বুলি ধাৰণা কৰা হৈছে।
দৰাচলতে ২০২৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ওৱাইছি ছাহাৰনপুৰলৈ গৈছিল। তেওঁৰ লগত আজাদ সমাজ পাৰ্টি (কাঁশীৰাম)ৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদো উপস্থিত থাকে। যৌথ সংবাদমেল অনুষ্ঠিত কৰিবলৈ তাত দুয়োগৰাকী নেতা উপস্থিত হৈছিল ।
শেহতীয়াকৈ তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজিবলৈ ‘সমাজিক পৰিৱৰ্তন মৰ্চা’ নামৰ এক যৌথ ৰাজনৈতিক মঞ্চ গঠনৰ কথা ঘোষণা কৰিছিল। সেয়ে নিৰ্বাচনৰ পূৰ্বে দুয়োগৰাকী নেতাৰ এই ভ্ৰমণ ৰাজনৈতিকভাৱেও যথেষ্ট তাৎপৰ্যপূৰ্ণ।
ইপিনে, এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে জিলা আৰক্ষীতজোকাৰণিৰ সৃষ্টিহৈছে। জানিব পৰা মতে, জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এই বিষয়টোৰ তদন্তৰ বাবে আৰক্ষী অধীক্ষক (গ্ৰাম্য)ক নিৰ্দেশ দিছে। তদন্তত পোৱা প্ৰমাণৰ ভিত্তিত নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
📍Uttar Pradesh Saharanpur Police just pulled off the ultimate plot twist…
They lined up to welcome a senior Judge, and ended up giving a full ‘Guard of Honour’ to Asaduddin Owaisi instead. Talk about a case of mistaken identity.😆🫡 https://t.co/lVGI2MfP0M— D.R. Boka (@BokaThob2383) November 21, 2026
উল্লেখ্য যে গাৰ্ড অৱ অনাৰ হৈছে কোনো বিশেষ নিৰ্দিষ্ট ব্যক্তি বা বিষয়াক আনুষ্ঠানিকভাৱে সন্মান জনোৱাৰ বাবে আৰক্ষী বা সামৰিক বাহিনীয়ে বিশেষ ধৰণেৰে শাৰীবদ্ধ হৈ কৰা চেলুট প্ৰদৰ্শন। কিন্তু সেই সন্মান কাক দিয়া হৈছে সেইটো চিনাক্তকৰণৰ ক্ষেত্ৰত চাহাৰনপুৰৰ আৰক্ষী জোৱানৰ ভূমিকাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।





