এক মৰ্মান্তিক দুৰ্ঘটনা! ৰাজস্থানত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৯ জন লোকে প্ৰাণ হেৰুৱালে। মৃতকৰ মাজত এটি শিশুও আছে।
এই দুৰ্ঘটনাত আন ৬জনলোকো গুৰুতৰভাৱে আহত হয়। কোটা-উদয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শম্ভুপুৰা গাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তেজনা বিয়পাই তুলিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মাজনিশা প্ৰায় ২ বজাত এখন তীব্ৰবেগী ক্ৰুজাৰ গাড়ীয়ে পথৰ কাষত থিয় হৈ থকা এখন ট্ৰাকত খুন্দা মাৰে। থিতাতে মৃত্যু হয় ৯ জন লোকৰ। গাড়ীখনত মহাৰাষ্ট্ৰৰ পৰা অহা একেটা পৰিয়ালৰ মুঠ ১৫ জন সদস্য আছিল। ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতি আহিছিল।
প্ৰাথমিক অনুমান অনুসৰি গাড়ী চলোৱাৰ সময়ত চালকজনৰ চকুত টোপনি ধৰাৰ এই দুৰ্ঘটনা সংঘটিত হৈছে। মৃত লোকসকলৰ নাম হৈছে উষা বাই, সুশীলা, কৈলাশ, সানভি, সজ্জন, অনিতা, বাবুলাল, জাহ্নৱী আৰু মাধৱী।
ইয়াৰ লগতে ৬ জন আহত লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তেওঁলোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। গাড়ীৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে মৃতকৰ মৰণোত্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তদন্তকাৰী দলটোৱে দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।




