NORTHEAST NOW (Assamese)

বোকাখাতৰ লখৌজান চাহ বাগিছাত চোৰাংকাঠ সহ মেজিক গাড়ী জব্দ

July 22, 2018 11:47 am · উত্তম শইকীয়া

বোকাখাত মহকুমাৰ লখৌজান চাহ বাগিছাত যোৱা নিশা স্থানীয় লোকে চোৰাং কাঠৰ সৈতে এখন মেজিক গাড়ী জব্দ কৰে ৷ লখৌজান চাহ বাগিচাৰ গাতে লাগি থকা লখৌজান কোৱাৰিৰ পৰা লক্ষ্মীজুৰি গাওঁ লৈ  এ এছ ০৯ চি – ৮৬০৫ নম্বৰৰ মেজিক গাড়ী এখনত চোৰাং কাঠ নি থকা অৱস্থাত লখৌজান চাহ বাগিচাৰ চাহ মজদুৰ সংঘ, গাওঁ ৰক্ষী বাহিনী আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ লখৌজান চাহ বাগিছাৰ সদস্যসকলে গাড়ীখন কাঠেৰে সৈতে জব্দ কৰে৷

ইপিনে, কাঠ আৰু গাড়ী জব্দ কৰে যদিও গাড়ীখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাড়ী আৰু কাঠখিনি নিশাই বন বিভাগৰ পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত কাৰ্যালয়ক চমজাই দিয়ে।

উল্লেখ্য যে লখৌজান চাহ বাগিছাৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ বনাঞ্চলৰ পৰা নিয়মিতভাৱে গছ কাটি একাংশ চোৰাং ব্যৱসায়ীয়ে গোপনে কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছে ৷

চোৰাং ব্যৱসায়ীসকলে প্ৰতি নিশা লখৌজান চাহ বাগিছাৰ মাজেদিয়ে চোৰাং কাঠৰ সৰবৰাহ কৰি আহিছিল আৰু বাগিছা কৰ্তৃপক্ষই এনে কাম নকৰিবৰ বাবে ব্যৱসায়ীসকলক সকীয়াই দিছিল যদিও ইয়াৰ পাচতো ব্যৱসায়ী গোটটোৱে এই চোৰাং ব্যৱসায় চলাই থকাৰ বাবেই যোৱা নিশা স্থানীয় লোকে এই চোৰাং কাঠখিনি  জব্দ কৰে ৷

কালি নিশাৰ ঘটনাৰ পাচত লখৌজান চাহ বাগিছাৰ মাজেদি হৈ থকা চোৰাং কাঠৰ সৰবৰাহ বন্ধ কৰিবৰ বাবে বন বিভাগক স্থানীয় লোকে দাবী জনাইছে।

Related News