NORTHEAST NOW (Assamese)
অসম

অহা বর্ষৰ ১ ফেব্ৰুৱাৰিৰ পৰা ৰহাত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন

Posted by: এন ই নাও নিউজ July 22, 2018 11:15 am
Sivasagar: Asom Sahitya Sabha falicitated educationists, social workers on the first day of Assamese new year

অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন ২০১৯ চনৰ ১ ফেব্ৰুৱাৰিৰ পৰা ৰহাত অনুষ্ঠিত হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

অসম সাহিত্য সভাৰ চলিত কাৰ্যনিৰ্বাহকৰ দ্বিতীয়খন সভা দিনজোৰা কাৰ্যসূচীৰে ডিফুত শনিবাৰে অনুষ্ঠিত হয়।ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যনিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ডিফু সাহিত্য সভাৰ উদ্যোগত পুৱা দহ বজাৰ পৰা ডিফুৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী  তুলিৰাম ৰংহাঙে।

মুখ্য কাৰ্যবাহীগৰাকীয়ে উদ্বোধনী ভাষণত কয় যে অসম সাহিত্য সভাই সমগ্ৰ অসমৰ লগতে কাৰ্বি  আংলঙতো ঐক্য-শান্তিৰ বাবে কাম কৰি যাব। তেওঁ এইক্ষেত্ৰত পৰিষদৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি আশ্বাস দিয়ে।

কাৰ্যনিৰ্বাহকৰ অন্তত সাংবাদিকেৰে হোৱা বাৰ্তালাপত সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬, এন আৰ চি সন্দৰ্ভত সভাই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে।

সভাপতিগাকীয়ে লগতে কয় যে সভাই এই সকলো দিশ বিতংভাৱে আলোচনা কৰি অহা ২৩ জুলাইত গুৱাহাটীত এখন সংবাদমেলৰ জৰিয়তে সভাৰ স্থিতি আনুষ্ঠানিকভাৱে সদৰী কৰিব।

আনহাতে, শুকুৰবাৰে সাহিত্য সভাৰ ডিফুৰ কাৰ্যালয় ৰাংছিনা ভৱনত ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ড০ দিলীপ কলিতাক জয়ছিং হান্সে সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। উক্ত বঁটাত আছে ১০ হেজাৰ টকা আৰু এখন প্ৰশস্তিপত্ৰ। কাৰ্বি ভাষা-সাহিত্য সন্দৰ্ভত কেইবাখনো গৱেষণামূলক গ্ৰন্থ ৰচনা কৰা ড০ কলিতা গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক।