NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ৰ ৰঙা চকু : অসম ক্রিকেট সন্থাৰ নতুন সংবিধান প্ৰকাশৰ প্ৰস্তুতি

Posted by: এন ই নাও নিউজ September 22, 2018 10:15 am
aca_ground1

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত শীঘ্ৰেই প্ৰকাশ পাব অসম ক্ৰিকেট সন্থাৰ নতুন সংবিধান। এই সন্দৰ্ভত সংবিধান প্ৰণয়ন সমিতিয়ে এই সম্পৰ্কীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। তদুপৰি, এই নতুন সংবিধানৰ আধাৰতে অহা নৱেম্বৰত সন্থাৰ বাৰ্ষিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।

জানিব পৰা মতে নতুন সংবিধান অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ এগৰাকীকৈ প্ৰতিনিধিয়ে পৰৱৰ্তী কাৰ্যকালৰ বাবে বিষয়ববীয়া নিৰ্বাচনত ভোটদান কৰিব পাৰিব। এই বিষয়টোক লৈ ৰাজ্যৰ ক্ৰীড়া মহল উৎকণ্ঠিত হৈ পৰিছে।

আনহাতে অহা ২১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ দিবা-নৈশ এদিনীয়া মেচখনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। এদিনীয়া মেচখনৰ বাবে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত টিকটৰ হাৰ তথা অন্যান্য দিশবোৰ চূড়ান্ত কৰা হ’ব।

ইপিনে বৃহস্পতিবাৰে বি চি চি আইৰ লজিষ্টিক মেনেজাৰ মায়ংক পাৰিখে গুৱাহাটী ভ্ৰমণ কৰি দুয়োটা দলৰ খেলুৱৈসকলক হোটেল ৰেডিছন ব্লুত ৰখাটো নিশ্চিত কৰি গৈছে।

এচিএৰ সূত্ৰই জানিব দিয়া মতে অহা ১৭ অক্টোবৰত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটো বিয়লি ১ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব আৰু পিছদিনাই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন চলাব। তদুপৰি এক সূত্ৰই জনোৱা মতে মেচখন নিৰ্ধাৰিত সময়সূচী অনুসৰি  দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব লাগে যদিও মেচৰ সময় আগবঢ়াৰ সম্ভাৱনা আছে।