NORTHEAST NOW (Assamese)
Popular Stories

চমক দিলে নীৰজ চোপ্ৰাই! নীৰৱে পাতিলে বিয়া, জানি লওক পত্নী হিমানী ম’ৰৰ পৰিচয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2025 9:56 am

ভাৰতৰ তাৰকা জেভলিন থ্ৰ’ৱাৰ তথা দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই একান্ত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। দেওবাৰে অনুৰাগী আৰু সতীৰ্থসকলৰ বাবে কিছু ভাল খবৰ দি সকলোকে আচৰিত কৰি তুলিলে নীৰজে। ২৬ বছৰীয়া এথলীটগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিয়াৰ কেইখনমান ফটো শ্বেয়াৰ কৰি হিমানী ম’ৰক বিয়াৰ কথা ঘোষণা কৰে।

একান্ত ব্যক্তিগত অনুষ্ঠানত নীৰজৰ বিয়াখন সম্পন্ন হয়। য’ত তেওঁৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ লোক উপস্থিত আছিল। নীৰজে বিয়াৰ বিষয়ে কাকো আগতীয়াকৈ অৱগত নকৰিলেও বিয়াৰ কিছু আভাস তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰাৰ সিদ্ধান্ত লয়। যিয়ে দম্পতীহালৰ সুখৰ অনুষ্ঠানৰ এটি আভাস দিয়ে।

নিজৰ এক্স হেণ্ডেলত সকলোৰে আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি নীৰজে লিখিছে, ‘এই মুহূৰ্তত আমাক একত্ৰিত কৰা প্ৰতিটো আশীৰ্বাদৰ বাবে কৃতজ্ঞ। প্ৰেমত বান্ধ খাই, সুখেৰে শেষ।’ ভাইৰেল হৈ পৰিল নীৰজৰ পোষ্ট। বহুতে তেওঁক অভিনন্দন জনাইছে।

হিমানী ম’ৰে কোন?

যেতিয়া নীৰজ চোপ্ৰাই নিজৰ বিয়াৰ ছবি নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে তেতিয়া বহুতে হিমানী ম’ৰে আৰু তেওঁৰ পটভূমিৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে। হিমানীৰ ঘৰ হাৰিয়ানাৰ শোনিপটত। তেওঁ টেনিছ খেলুৱৈ আছিল আৰু ইউনিভাৰ্চিটি গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

দিল্লীৰ মিৰাণ্ডা হাউছৰ পৰা শাৰীৰিক শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰিছে নীৰজৰ পত্নীয়ে। ইয়াৰ পিছত তেওঁ ফ্ৰেংকলিন পিয়াৰ্চ বিশ্ববিদ্যালয়ৰ পৰা ক্ৰীড়া ব্যৱস্থাপনা আৰু ফিটনেছ প্ৰশাসনত এম বি এ সম্পূৰ্ণ কৰে। বৰ্তমান হিমানীয়ে মেককৰ্মাক আইজেনবাৰ্গ স্কুল অৱ মেনেজমেণ্টৰ পৰা এম.এছ.চি. কৰিছে। আমহাৰ্ষ্ট কলেজত অধ্যয়নৰ সময়ত হিমানীয়ে স্বেচ্ছাসেৱক হিচাপে সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰিছিল।

বিবাহ অনুষ্ঠান সন্দৰ্ভত কওঁতে নীৰজ চোপ্ৰাৰ ককাক ভীমে কয় যে এই বিবাহ অনুষ্ঠান দুদিন পূৰ্বে ভাৰতত হৈছিল, কিন্তু গোপনীয়তা বজাই ৰাখিবলৈ বিয়াৰ সঠিক স্থান প্ৰকাশ কৰা নাই। সংবাদ সংস্থাৰ আগত ভীমে কয় যে, “হয়, দুদিন পূৰ্বে ভাৰতত বিয়াখন হৈছিল। ক’ত হৈছিল ক’ব পৰা নাই।” ভীমে লগতে কয় যে নীৰজ আৰু তেওঁৰ পত্নী হিমানীয়ে ইতিমধ্যে হানিমুনৰ বাবে বিদেশলৈ গৈছে। কিন্তু ভীমে ক’লৈ গৈছে সেই বিষয়ে একো নাজানে।

তেওঁ কয়, “ছোৱালীজনী শোনিপটৰ আৰু আমেৰিকাত পঢ়াশুনা কৰিছে। তেওঁলোকে হানিমুনৰ বাবে দেশ এৰি গুচি গৈছে। আৰু ক’লৈ গৈছে মই নাজানো। আমি এইটো তেনেকৈয়ে ৰাখিব বিচাৰিছিলো।”

পেৰিছ অলিম্পিকত পদক লাভৰ পিছত বিয়া পাতিলে নীৰজে

যোৱা বছৰৰ আগষ্ট মাহত পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ পিছতে নীৰজে হিমানীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল। ২০২১ চনত টকিঅ’ অলিম্পিকত ঐতিহাসিক স্বৰ্ণ জয় কৰাৰ পিছত পেৰিছত ৰূপৰ পদক লাভ কৰে নীৰজে। অলিম্পিকত ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় নীৰজ। তেওঁ দুটা অলিম্পিক পদক লাভ কৰা চতুৰ্থজন ভাৰতীয় খেলুৱৈ।