NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ শিলজুৰিত ফৰ্ড গাড়ীৰ খুন্দাত নিহত গৰ্ভাৱতী মহিলা

Posted by: উত্তম শইকীয়া June 20, 2018 4:22 pm
Image_1529480999222

বোকাখাতৰ শিলজুৰিৰ আজি দুপৰীয়া ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘৰ্টিত হয়৷ বোকাখাতৰ পৰা গুৱাহাটীৰ দিশত  তীব্ৰ বেগত গৈ থকা থকা ডাব্লিউ বি ০৬ এ – ০৭০৬  নম্বৰৰ ফৰ্ড ফিউজন গাড়ীখনে  পথেদি গৈ থকা এগৰাকী মহিলাক   মহতিয়াই নি পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে৷

গাড়ীখনৰ খুন্দাত তাঞ্জিনা বেগম নামৰ মহিলা গৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়৷ লগতে বিধস্ত হয় ফৰ্ড গাড়ীখনো৷

জানিব পৰা মতে নিহত তাঞ্জিনা বেগম গৰ্ভাৱতী আছিল আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসাকেন্দ্ৰলৈ বুলি আহি আছিল৷  দুৰ্ঘটনাটোত ফৰ্ড গাড়ীৰ চালকজনো আহত হয়৷ নিহত তাঞ্জিনা বেগমৰ ঘৰ শিলজুৰিৰ বিলপাৰত বুলি জানিব পৰা গৈছে ৷

অসমৰ বাট-ঘাটত তীব্ৰবেগী  বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত কৰাৰ মাত্ৰা শেহতীয়াভাৱে বৃদ্ধি পাই আহিছে।

অসম চৰকাৰৰ পৰিবহন বিভাগ, জিলা পৰিবহণ কাৰ্যালয় তথা যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা আৰক্ষী বিভাগৰ দ্বাৰা সময়ে সময়ে যান-বাহন নিৰাপত্তা সম্পৰ্কীয় বিজ্ঞাপন প্ৰচাৰ কৰা, পথ নিৰাপত্তা সপ্তাহ উদ্‌যাপন কৰি অহা সত্তেও ৰাজ্যখনত যান-বাহনৰ দুৰ্ঘটনাৰ মাত্ৰা কমক চাৰি শংকাজনকভাৱে বৃদ্ধি হৈ হে আহিছে। ঘাইকৈ তীব্ৰ বেগত গাড়ী চলোৱা আৰু যান-বাহনৰ নিয়ম নমনা বা নজনাৰ বাবেই দুৰ্ঘটনা সংঘটিত হয়। এই ক্ষেত্ৰত অসম আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখা, জিলা পৰিবহণ কৰ্যালয় আদিৰ যথেষ্ট কৰণীয় আছে।