NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰি থকা অৱস্থাত আহত যুৱক উদ্ধাৰ

Posted by: উত্তম শইকীয়া March 20, 2018 3:52 pm
Unidentified person found at bokakhat

বোকাখাতত আজি পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংকট জনক অৱস্থাত এজন অচিনাক্ত যুৱক উদ্ধাৰ হয়।

বোকাখাতৰ গড়মুৰৰ যাত্ৰা চাৰ্ভিচিং চেণ্টাৰৰ সমিপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অচেতন অৱস্থাত পৰি থকা যুৱকজনক স্থানীয় লোকে প্ৰত্যক্ষ কৰি বোকাখাত আৰক্ষীক অবগত কৰাত আৰক্ষীৰ লোক আহি যুৱকজনক উদ্ধাৰ কৰে।

মূৰত আঘাতৰ চিন থকা যুৱক জনক আৰক্ষীয়ে উদ্ধাৰ কৰি বোকাখাত ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ।

এতিয়ালৈকে আৰক্ষীয়ে যুৱকজনক চিনাক্ত কৰিব পৰা নাই যদিও তেওঁক চাহ জনজাতি লোক বুলি আৰক্ষীয়ে অনুমান কৰিছে ।

আনহাতে আঘাত প্ৰাপ্ত যুৱক জনেও নিজৰ নাম ঠিকনা তথা পৰিচয় দিব পৰা নাই ।

কোনো লোকে নিচাযুক্ত দ্ৰব্য সেৱন কৰাই গাড়ীৰ পৰা যুৱকজনক পেলাই থৈ যায় বুলি আৰক্ষী তথা স্থানীয়লোকে সন্দেহ কৰিংছে।