NORTHEAST NOW (Assamese)
অসম

কৃষক বিক্ষোভ: ১২০০ ট্ৰেক্টৰ লৈ আৰু ৫০হাজাৰ কৃষকৰ যোগদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2020 9:19 am
385540-farmers-protest-bharat-bandh

কৃষক আন্দোলন আৰু শক্তিশালী হোৱাৰ দিশে আগবাঢ়িছে। এইবাৰ পঞ্জাৱৰ কেইবাখনো জিলাৰ পৰা ১২০০ট্ৰেক্টৰৰ সৈতে আৰু ৫০হাজাৰ কৃষকে বিক্ষোভত যোগদান কৰিব। ট্ৰেক্টৰসমূহত অনা হৈছে বিক্ষোভ কৰি থকা কৃষকসকলৰ বাবে খাদ্য।

বাতৰি অনুসৰি, মজদুৰ সংঘৰ্ষ কিমিটিৰ মুৰব্বী সতনাম সিং পান্নুৱে জানিবলৈ দিয়ে যে কৃষকসকল দিল্লীতেই জীৱন আহুতি দিবলৈকেও প্ৰস্তুত। তথাপি আইন বাতিলৰ দাবীত তেওঁলোকে পিছ হুহুকি নাযায়।

পঞ্জাৱৰ ফিৰোজপুৰ, ফজলিকা, আবহাৰ, ফৰিদকোট আৰু মোগাৰ পৰা ৫০হাজাৰ কৃষকে দিল্লী অভিমুখে ৰাওনা হৈছে।

তেওঁলোকে ১২০০খন ট্ৰেক্টৰ লৈ দিল্লীলৈ আহিছে। প্ৰতিখন ট্ৰেক্টৰতে ৬মাহৰ খাদ্যবস্তু ভৰ্তি কৰা হৈছে।

কৃষক বিক্ষোভে এতিয়ালৈকে ১৬দিন অতিক্ৰম কৰিলে।

একেলেথাৰিয়ে চলি থকা কৃষক বিক্ষোভত ৰাজধানী দিল্লী উত্তাল হৈ পৰিছে। দিল্লীত প্ৰৱেশ কৰাৰ সকলো পথেই প্ৰায় ৰুদ্ধ হৈ পৰিছে।

ইপিনে, কেন্দ্ৰৰ সৈতে কেইবাখনো বৈঠকত কোনো সমাধান সূত্ৰ ওলোৱা নাই। দুই পক্ষৰ আকোঁৰগোজ স্থিতিত কৃষক আন্দোলনে ক্ৰমাৎ নতুন দিশলৈ গতি কৰিছে।