NORTHEAST NOW (Assamese)

বোকাখাত নগৰত নাহৰফুটুকী বাঘ : চেতনানাশক দ্ৰব্য প্ৰয়োগেৰে কৰায়ত্ব  

March 14, 2018 12:39 pm · উত্তম শইকীয়া
Updated: March 14, 2018 6:02 pm

আজি পুৱা গোলাঘাট জিলাৰ বোকাখাত নগৰত এটা নাহৰফুটুকী বাঘৰ আবিৰ্ভাৱ হয়৷ বোকাখাত দৈনিক বজাৰৰ সন্মুখৰ নাট্যমন্দিৰ প্ৰাঙ্গনত স্থানীয় লোকে নিচেই পুৱাতে বাঘটো দেখা পায়। লগে লগে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বনবিভাগ আৰু আৰক্ষীৰ লোক। প্ৰথমে উদ্ধাৰকাৰী দলটোৱে নাহৰফুটুকী বাঘটোক চাবলৈ অহা মানুহৰ সমাগম  নিয়ন্ত্ৰন কৰে ৷

কাজিৰঙাৰ বনকৰ্মী লগতে ঘটনাস্থলীত উপস্থিত হোৱা উদ্ধাৰকাৰী দল আৰু কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ পশু চিকিৎসক ডাঃ চামচুল আলি,  ডাঃ পানজিত বসুমতাৰী আৰু বন বিভাগৰ পশু চিকিৎসক ডাঃ দেবব্ৰত ফুকনে কুকুৰাৰ গড়ালত আশ্ৰয় লৈ থকা বাঘটোৰ শৰীৰত চেতনানাশক দ্ৰব্য প্ৰয়োগ কৰি অতি নিপুনতাৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷

বন বিভাগৰ তৎৰপৰতাত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাহৰফুটুকী বাঘটো পাছত বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয়৷

কাজিৰঙাৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়া আৰু মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ নেতৃত্বত চলা উদ্ধাৰ অভিযানৰ অন্ত পৰে প্ৰায় দুঘণ্টা প্ৰচেষ্টাৰ অন্তত৷

উল্লেখ্য যে খাদ্যৰ সন্ধানত সমীপৰ চাহ বাগিছাৰ পৰা নাহৰফুটুকী বাঘটো ওলায় অহা বুলি স্থানীয়লোকে মত প্ৰকাশ কৰে। বাঘটোৱে নাট্যমন্দিৰৰ পৰা বোকাখাত অসামৰিক চিকিৎসালয়ৰ এগৰাকী কৰ্মচাৰীৰ চৰকাৰী বাসগৃহৰ লগতে থকা এটা কুকুৰাৰ গড়ালত আশ্ৰয় লৈ আছিল৷

Related News