NORTHEAST NOW (Assamese)

বোকাজান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোক প্ৰকাশ

January 29, 2018 8:17 pm · এন ই নাও নিউজ
Updated: January 30, 2018 10:29 am

মাইবাঙৰ গুলীচালনা আৰু দুজনকৈ যুৱকৰ মৃত্যুৰ ঘটনাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিকে বকলীয়াঘাত চাৰিআলিত এখন শোকসভাৰ আয়োজন কৰি শোকপ্ৰকাশ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে প্ৰাক্তন আলফা ঐক্য মঞ্চৰ কাৰ্বি আংলং জিলা সমিতিয়ে কাৰ্য্যসূচীটোত অংশ গ্ৰহণ কৰে।

কাৰ্য্যসূচীটোত ভাষণ দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং আঞ্চলিকৰ সাধাৰণ সম্পাদক অপূৰ্ব দাসে নিৰীহ লোকক হত্যা বন্ধ কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে।

কাৰ্য্যসূচীৰ অংশস্বৰূপে এটা মৌন প্ৰতিবাদী সমদলো উলিওৱা হয়।

উল্লেখযোগ্য যে মাইবাঙত ডিমা হাচাওক নাগালিমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি এজন আৰ এছ এছৰ নেতাই কৰা মন্তব্যৰ প্ৰতিবাদস্বৰূপে যোৱা ২৫ জানুৱাৰিত স্থানীয় ৰাইজে অৱস্থান ধৰ্মঘট কৰোতে অপ্ৰৰোচিতভাৱে আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলী চলোৱাত কেইবাজনো লোক আহত হৈছিল, যাৰ মাজৰে দুজনৰ পিছত মৃত্যু হৈছিল।

Related News