NORTHEAST NOW (Assamese)
অসম

মাইবাং ঘটনাক তীব্ৰ গৰিহণা হিল ট্ৰাইবেল লীগ আৰু কাৰ্বি ছাত্ৰ সন্থাৰ

Posted by: নংনী তেৰন January 29, 2018 8:41 pm
Dima Hasao incident

মাইবাঙত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰি দুজন নিৰীহ লোকক হত্যা কৰা ঘটনাক হিল ট্ৰাইবেল লীগে তীব্ৰ গৰিহণা দিছে।

ঘটনাটোৰ গৰিহণা দি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৱে নিহত লোককেইজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

হিল ট্ৰাইবেল লীগে কয় যে অসমৰ কোনো অংশ বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ তেওঁলোক পক্ষপাতী নহয়।

বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে ‘নাগা ঐতিহ্য আৰু সংস্কৃতিৰ মৌলিকতা’ মানি লোৱা ভাৰত চৰকাৰে ডিমাচা, কাৰ্বি আৰু আন খিলঞ্জীয়া জনগোষ্ঠী সমূহৰো যে সুকীয়া ঐতিহ্য আৰু সংস্কৃতি আছে সেই কথা মনত ৰখা উচিত।

এইক্ষেত্ৰত ডিমাচা তথা ডিমা হাচাওৰ আন পাহাৰীয়া জনগোষ্ঠী সমূহ ক্ষুণ্ণ হোৱাৰ যথেষ্ট থল আছে বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

উক্ত ঘটনা সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থায়ো এক প্ৰছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে। বিজ্ঞপ্তিটোত তেওঁলোকে কয় যে বিজেপিশাসিত অসম আৰু অৰুণাচল প্ৰদেশ বিধানসভাই ৰাজ্যকেইখনৰ অন্তৰ্গত অংশক বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰা উচিত।

সন্থাই ডিমা হাচাওৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক বৰ্খাস্ত কৰাৰ দাবী জনায়।