NORTHEAST NOW (Assamese)
অসম

অৱেশষত বিটিচি নিৰ্বাচনৰ দিন ঘোষণা; ৭ ডিচেম্বৰৰ পৰা দুটা পৰ্যায়ত ভোটগ্ৰহণ, ১২ ডিচেম্বৰত ফলাফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2020 3:39 pm
অৱেশষত বিটিচি নিৰ্বাচনৰ দিন ঘোষণা; ৭ ডিচেম্বৰৰ পৰা দুটা পৰ্যায়ত ভোটগ্ৰহণ, ১২ ডিচেম্বৰত ফলাফল

আজি ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰে।

প্ৰথম আৰু দ্বিতীয় দুটা পৰ্যায়ত বিটিচিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ত ৭ ডিচেম্বৰ সোমবাৰে ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ত যদিহে কিবা কাৰণত পুনৰ ভোট গ্ৰহণ কৰিবলীয়া হয় তেন্তে ৮ ডিচেম্বৰত ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

প্ৰথম পৰ্যায়ত ওদালগুৰি আৰু বাক্সা জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আনহাতে, দ্বিতীয় পৰ্যায়ত ১০ ডিচেম্বৰ বৃহস্পতিবাৰে ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

পুনৰ ভোটগ্ৰহণ কৰিবলীয়া হ’লে ১১ ডিচেম্বৰত কৰা হ’ব।

দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

১২ ডিচেম্বৰ শনিবাৰে ৰাতিপুৱা ৮ বজাৰ পৰা বিটিচি নিৰ্বাচনৰ ভোটগহণা হ’ব।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বিটিচি নিৰ্বাচন পিছুৱাই দিয়া হৈছিল।