NORTHEAST NOW (Assamese)
অৰুণাচল

বৌদ্ধ ভিক্ষুলৈ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ শ্ৰদ্ধাঞ্জলি

Posted by: এন ই নাও নিউজ January 29, 2018 4:13 pm
পেমা খাণ্ডু

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুয়ে দেওবাৰে আগৰতলাৰ পৰা ১৫০ কিমি দুৰত্বত অৱস্থিত মাচমাৰৰ জেটাবন বৌদ্ধ বিহাৰত জ্যেষ্ঠ বৌদ্ধ ভিক্ষু সন্মানীয় শশানপ্ৰিয়া মহাথেৰাৰ শ্ৰদ্ধাঞ্জলি সভাত উপস্থিত থকাৰ উদেশ্যে সংগদানত অংশগ্ৰহণ কৰে।

ভক্ত সকলক উদ্দেশ্যি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ জীৱনকালত জ্যেষ্ঠ বৌদ্ধ ভিক্ষুগৰাকীয়ে অঞ্চলটোৰ লগতে বৌদ্ধ ধৰ্মলৈ বহু অৱদান আগবঢ়াই গৈছে।

তেওঁ আৰু কয়,’যদিও শ্ৰদ্ধাৰ বৌদ্ধ ভিক্ষুজন আমাৰ মাজত নাই তেওঁ বিলোৱা শিক্ষাক সদায় মনত ৰখা হ’ব।’ খাণ্ডুয়ে উপস্থিত লোকসকলক মহান ভিক্ষুজনৰ দৰ্শন আৰু ধৰ্মবাণীক আগবঢ়াই লৈ যাবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰীজনে বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ উন্নয়নলৈ অৱদান আগবঢ়োৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিক ধন্যবাদ জ্ঞাপন কৰে আৰু লোকসকলক প্ৰধান মন্ত্ৰীগৰাকীৰ কাৰনে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ উপৰি তেওঁ বৌদ্ধ বিহাৰটোৰ উন্নয়নৰ বাবে ব্যক্তিগতভাৱে বৰঙনি দিব বুলিও আশ্বাস প্ৰদান কৰে।